কৃষিভিত্তিক লোক উৎসৱ বাইখো - ০৬

Rinku Rajowar
0

 ( যোৱা সংখ্যাৰ পিছৰ পৰা )
      কিল্লা মানে হ'ল গড় | যেতিয়া তেওঁলোকে কিল্লা ভাঙে তেতিয়া সমূহীয়াকৈ সমবেত হৈ মন্ত্ৰ এটি উচ্চাৰণ কৰে এনেদৰে---
    অৰেহৌং অৰোহৌং আয়া
 নামা নাইটৌং চায়াচৌং আয়া
অৰেহৌং
হেৰ জামা ছৰিয়া আয়া 
নাম নাইটৌং চায়াচৌং আয়া
অৰেহৌং  |
  কিল্লা ভঙা সমাপ্তি ঘটাৰ পিচত গাঁৱৰ মাজ মজিয়ালৈ আহি সমূহিয়া চোতালত ৰচী টনা খেল কৰে | এই খেলক লেওয়া বিকায় বা লেওয়া টনা নৃত্য বুলি কোৱা হয় | ৰচী--যুঁজৰ দৰে দুটা দল হৈ লেওয়া টনা খেল বা নৃত্য কৰে | প্ৰথমে থানলৈ যোৱা দল আৰু গাঁৱৰ ডেকা সকলে দুটা দলত বিভক্ত হৈ নাচি নাচি টানিব | তেওঁলোকৰ পিচত বুঢ়া আৰু ডেকা সকল | ইয়াৰ পিচত সৰু সৰু ল'ৰাবিলাকে খেল কৰে | এওঁলোকৰ পিছত গাঁৱৰ গাভৰু , তিৰুতা , বুঢ়ীসকলেও খেলত অংশ গ্ৰহণ কৰি গীতৰ সমাহাৰ ঘটায় | লেওয়া টনাৰ পিছত কিছুমান গীতৰ সংযোজন খণ্ড খণ্ড কৈ কৰা হয় | 
   লেওয়া টনা নৃত্যৰ পিছত ওজাৰ ঘৰলৈ গৈ হৈ মাৰু গীত জোৰে | ইয়াত ওজা পালিয়ে গীত নাগায় | গীত গোৱাৰ বাবে বেলেগকৈ মানুহ দুজন নিযুক্ত কৰে | তেওঁলোক দুয়ো লগ হৈ মাৰু গীতৰ আঁতি গুৰি জানিব লাগে | দুয়োজনে কতো আৰ নলগুৱাকৈ গীত পৰিবেশন কৰি যাব লাগে | ওজা-পালিয়ে বহি বহি গীত আৰু নৃত্য নিৰীক্ষণ কৰে | ওজা পালিয়ে উপবাসে থাকি ক্লান্ত হৈ পৰা বাবে থানত চাকি-বন্তী জ্বলাবলৈ আৰু নাচিবলৈ দুজন মানুহ নিয়োগ কৰে |  আগলৈ

     📝  হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)