ক'ৰণা

Rinku Rajowar
0
ক'ৰণাৰ জোঁৱাৰে
আৱৰি ধৰিছে আজি।
সোমাই পৰিছো 
ক'ৰণাৰ পাকচক্ৰত।
এই ক'ৰণাই
কোঙা কৰি পেলাইছে 
আজি মানুহৰ অস্তিত্বক।
ক'ৰণাৰ বাবেই হয়তো
বাৰে বাৰে ‌অপমানিত হৈছে 
মানুহে মানুহৰ মাজত ।
কিয় বাৰু এই ক'ৰণাই
বাৰে বাৰে আঘাত কৰিছে 
মানুহৰ স্বাভিমানক।
কোনোবা একোণত আজি
বৰকৈ বিষাইছে অ'
সহ্য কৰিব নোৱাৰা
হৈ পৰিছে মানুহে ।
অপমানৰ জুইকোৰাই
আজি বৰকৈ দহিছে মানুহক ।
বৰ কষ্ট হৈছে আজি ক'ৰণাৰ আতংকত
মানুহ হৈ জীয়াই থাকিবলৈ ।

📝 মাৰলিন মুণ্ডা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)