নিতাল মাৰা
কত' ৰাতি
হৃদয়ে কান্দিছিল
যেতিয়া সুখৰ মৃত্যু হৈছিল ৷
দুখবােৰ
হিচাপ কৰা
কঙাল হৈছিলাে ৷
পীড়িত
আত্মাই কান্দিছিল
"হৃদয় এখন দুখৰ বন্যা" ।
সময়ে লাহে লাহে
উৰুৱালে
অশ্ৰুৰ টােপালবােৰ ৷
জীৱন যুঁজত
হাৰি হাৰি
জিকিবলৈ শিকিলো,
মেটমৰা সুখৰ সম্ভাৰ নেপালেও,
দুখ অহা বাটতো
ভেটি থলো
আৰু নাহিবি 'দুখ'
মােৰ কাষলৈ বুলি ৷
থুপ খোৱা কপাল যেন
দুখৰেই সাক্ষী আছিল ৷
📝মীনা পামে গাম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ