মোক নুসুধিবা,,, মই কেনে আছোঁ

©Admin
0

  
  


 মোক নুসুধিবা,,, মই  কেনে আছোঁ 
নিৰ্যাতীত অনুভৱ এটাই 
কুঁহিয়াৰ শালত  পেৰিছে 
নিস্ব হৈ বহি থকা স্ববন্দীত্বই 
কুমাৰ শালত তাপিছে 
অনুভৱবোৰ পোৰা মাটিৰ দৰে 
কঠিন  আৰু  তপত,,,
জীৱন যুঁজত  হাৰিব নোৱাৰোঁ 
আত্মীয়তাৰে সৎকাৰ কৰিছোঁ আত্মাৰ 
চিনা -অচিনা  লেখহীন মৃতকৰ,

        মই  কেনে আছোঁ,,, মোক নুসুধিবা 
        কাষ চাপি নাহিবা,,
        মই তোমাৰ মৃত্যুদূত  হ 'ব নোখোজোঁ
        মৌনতাৰে,,, স্তব্ধতাৰে,,, দূৰত্বৰে,,,
        মই তোমাৰ পৰা বিদায় ল 'ম 
        মোৰ ভালপোৱাবোৰ তোমাৰ কাষতে থৈ  ৷৷

📝জুলি বৰুৱা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)