একপক্ষীয় প্ৰেম "আপুনি

©Admin
0
মোৰ দৃশ্যপটত আপুনি মোৰ প্ৰেমিক
অচিনাকী হৃদয়ত জীৱন তাৰকা।
পাৰ কৰিব বিচাৰো আপোনাৰ সতে প্ৰতিটো মুহুৰ্ত,
কিন্তু আপুনি মোৰ প্ৰেমৰ ঢৌত খণ্ড-বিখণ্ড।
আমঠুৰ অগ্নিকণাত আপোনাৰ প্ৰতিচ্ছবিয়ে খেলা কৰে 
কিন্তু বিচ্ছুৰিত মোৰ আমঠু,
সেয়েহেটো শব্দৰ উপত্যকাত বিচৰণ কৰো
কবিতা লিখিয়েই হাবিলাষ পূৰাঁও 
শব্দৰ যোগেদি বিষাদ নিগৰাঁও
অপ্ৰাপ্তিত পূৰ্ণত্বৰ বাবে প্ৰয়াস কৰোঁ।
আপুনিয়েইটো অনুভৱৰ পৃষ্ঠাবোৰৰ শিৰোনাম
আপুনিয়েইটো প্ৰতিটো শব্দত প্ৰচ্ছন্ন হৈ আছে 
তথাপিও আপুনি মোক প্ৰত্যক্ষ কিয় নকৰে?
আপোনাৰ পৰশৰ অপেক্ষাত জীয়াই আছো
মৰি যাব খোজো কেতিয়াবা....
আধাপোৰা কলিজাৰ বিচ্ছিন্ন টুকুৰাবোৰ
সৰি পৰিব খোজে,
অনবৰতে অশ্ৰু বিৰিঙি থাকে মোৰ কুন্দত গাল দুখনিত,
তথাপিও জীয়াই আছো
কাৰণ আপোনাৰ বাবে মৰম ভগ্নাৱশেষ আছে।
নপমা হৃদয়ে অপেক্ষা কৰে, আপুনি আহিব
আপোনাৰ বাবে মনৰ দুৱাৰ সদায় খোলা থাকিব
মৰম চিৰযুগমীয়া সদায় থাকিব আপোনালৈ।

📝পংখী মৰাণ
 ৱিমেন্জ কলেজ তিনিচুকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)