এনে পৰিৱৰ্তনে ক্ষতি কৰিব নেকি (খণ্ড -০৩)

©Admin
0
 ( যোৱা সংখ্যাৰ পিছৰ পৰা )
     অসমীয়া সাহিত্যৰ গৌৰৱৰ প্ৰতীক কাকত আলোচনী আজিৰ দিনটোত কিমান আছে তাৰ লেখ জোখ আমি একে আষাৰতে দিব নোৱাৰো | দুমহীয়া, তিনিমহীয়া, ছয়মহীয়া , তাৰোপৰি মাহিলী আলোচনী সমূহটো আছোই | তাৰে কিমান মৰিছে আকৌ কিমান নতুন জন্ম হৈছে | এই সমূহ জাতীয় দলিল স্বৰূপ লগতে জাতীয় সম্পদ হিচাবে এসময়ত পৰিগনিত হ'ব  |
    আমি আগতেই কৈছো মানুহৰ চিন্তা সদাই একে ঠাইতে আৱদ্ধ হৈ থাকিব নোৱাৰে | সদাই আগলৈ যাব বিচাৰে | এতিয়া এই ছপা মাধ্যমৰ পৰা আৰু এখোজ আগুৱাই আজিৰ পুৰুষে ডিজিটেল মাধ্যমত নতুন চিন্তা চেতনাৰে ই মাধ্যমেৰে এনে কাম কৰিছে | এই মাধ্যমত সঘনে নতুন নতুন ই আলেচনী প্ৰকাশ পাবলৈ ধৰিছে | ই অতি ক্ষীপ্ৰতাৰে সমগ্ৰ বিশ্বজুৰি ইয়াক বিয়পাই দিব পাৰি | এখন নতুন জগতৰ লগত নতুন নতুন মানুহৰ লগত নতুন নতুন মানুহৰ চিনাকি কৰাই দিব পাৰি  | তাৰ বাবে এই মাধ্যমটো সকলোৰে মাজত জনপ্রিয় প্রায় নিতে নিতে ই আলোচনী সমূহ প্রকাশ হব ধৰিছে | ই এক শুভ লক্ষণেই |
     কিন্তু আমাৰ মাজত প্রশ্নৰ ঊদয় হৈছে এনেদৰে ই আলোচনী সমূহ প্রকাশ হৈ থাকিলে আমাৰ ছপা মাধ্যমৰ আলোচনী সমূহ তাৰ বৰু কিবা ক্ষতি হব নেকি ? যাৰ ফলত এই মাধ্যমটো বন্ধ হৈ যাব পাৰে নেকি ? ইতি মধ্যে প্রচাৰ মাধ্যমত বাতৰি প্রকাশ পাইছে গ্রন্থ উদ্যোগত যথেষ্ট ক্ষতি হৈছে | কোনোবা এখন কাকত বন্ধ হৈছে আদি  | কিয় জানো এনেবোৰ প্রশ্ন মোৰ মনত উদয় হৈছে ? দুয়োটা মাধ্যমেই মোৰ প্রিয় | বিজ্ঞমহলে কথীটো বিবেচনা কৰিবচোন | মোৰদৰে মুকুখমতি মানুহৰ চিন্তা নিৰৰ্থকো হব পাৰে | ভুলৰ বাবে ক্ষমা প্রাৰ্থী  |

  📝হেমেন হাজৰিকা
            মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)