অই তুমি পাহৰিলা মোক ন'
প্ৰথম যেতিয়া তুমি মোৰ হ'ম বুলি কৈছিলা, সচাঁই তেতিয়া নিজকে বৰ ভাগ্যবান বুলি ভাৱিছিলো!
কিন্তু যেতিয়াই তুমি মোৰ দৰে প্ৰথম প্ৰেমিকক আঘাত দিলা তেতিয়াই মই তোমাক পাহৰি যাবলৈ চেষ্টা কৰিছিলো!
পাহৰিম বুলি ভাৱিও যে তোমাক পাহৰিব নোৱাৰা হৈছো অ'
তোমাক চাবলৈ মন গ'লে ফেচ'বুকতে চাই থাকো ভাৱো কেতিয়াবা তুমি যদি আনৰ হৈ যোৱা মোৰ কি হ'ব বুলি ?
তুমি যেতিয়া মোৰ কাষেৰে যোৱা, মাত নিদিয়া তেতিয়া মোৰ বুকুখনে খুন্দা মাৰি ধৰে অ'
নাজানো তুমি কেনেকৈ আছা'মোক এদিন নেদেখাকৈ
নেদেখাকৈ থাকিব নোৱাৰিছিলা সৌ সেইদিনা ।
ভাৱিব পাৰা মই দুখিয়া বুলি, কিন্তু অন্তৰৰ পৰা দুখিয়া নাছিলো মই!
তুমি তুমি বুলি বুকুতে ৰাখিছিলো সাঁচি বহু আশা তুমি মোৰ হ'বা বুলি !
শেষত আমাৰ মৰমৰ উৰ্ধত জাতি হ'ল তোমাৰ দৃষ্টিত!
তুমি নাভাৱিলা তুমি নোবোজিলা আমাৰ মাজৰ মৰম বিশ্বাসবোৰ!
অই শুনা ,
তুমি সচাঁই পাহৰিলা ন'''"'
আমাৰ মাজৰ সেই সম্পৰ্কৰ কথা !
📝ৰিন্টু কুৰ্মী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ