হবলৈ আছিল মন
এজন অভিযন্তা বা চিকিৎসক
কিন্তু কিয় নোৱাৰিলো হব
সেয়া কলে দুচকুৱেদি নিগৰে এসাগৰ লোতক।
কৈছিল বহুজন এষ্ট্ৰলজাই
মই এজন চিকিৎসক হোৱাৰ কথা
মা-দেউতাৰো তাত নাছিল কোনো চাচপেক্ট
হব বুলি এনে ব্যথা।
পঢ়িছিলো বিজ্ঞান শাখাত
চিকিৎসক হোৱাৰ আশাৰে
কৰিছিলো অধ্যয়ন পাৰ্যমানে
মোৰ সপোন লৈ মন সমুদ্ৰৰ তীৰে তীৰে।
আহিছিল নিৰ্দিষ্ট সময়ত
NEET, AIIMS ৰ আবেদন
কিন্তু ৫ নম্বৰৰ বাবে আজি মই
অচল অবাস্তব সপোনৰ নিৰ্ভীক বেপাৰী।
আছো আজি জীয়াই এই পৃথিৱীত
অবাস্তব অপৰিণত এবুজা স্বপ্ন লৈ
আছো জীয়াই আশাৰ সমাধিৰ মাজত
এজন মৰ্মান্তিক স্বপ্নৰ বেচা-কিনা বেপাৰী হৈ।
মোৰ মনত মাথো বিষাদৰ প্ৰশ্ন...
কেতিয়া আহিবা বাৰু
হস্পিতালৰ চাকৰিৰ এডভাৰতাইজমেণ্ট??
কেতিয়া পাম বাৰু মই
এখনি চাকৰিৰ এপইণ্টমেণ্ট??
📝জ্যোতি দাস
ধেমাজি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ