আধৰুৱা প্ৰেম কাহিনী- সত্যমৰ জীৱনী (খণ্ড- ০৯)

©Admin
0


এনেদৰে মোৰ জীৱন প্ৰথমটো প্ৰেম কাহিনী আৰম্ভ হ'ল এতিয়া কথাটো হ'ল আমি দুয়োৱে দুয়োক ভালপোৱাৰ কথা ব্যক্ত কৰিব পৰা নাই তাই ভাৱিছিল মই আগতে প্ৰপজ কৰিম ময়ো ভাৱিছিলোঁ তাই কৰিব হয়তো সেই উদ্দেশ্যে এদিনাখন মোক লৈ বাবাথানলৈও গ'ল তাত বহুত সময়ধৰি বহুত কিবাকিবি কথা ওলাল কিন্তু কোনেও কাকো প্ৰগজ কৰিব নোৱাৰিলো ঘৰলৈ উভতি আহোঁতে ৰাস্তাত বৰষুণে পালে ৰিমঝিম বৰষুণ গমগম মেঘৰ গাজনি আৰু চিকমিক বিজুলী এটা ছাতিত আমি দুয়ো সোমাই আহি আছিলো তেনেসময়ত হঠাৎ ছাতিটো বতাহে উৰুৱাই নিলে আমি দুয়ো বৰষুণত তিতিলো মই কিন্তু বৰ ৰস পাইছিলো কাৰণ তাইৰ বগা সাজযোৰ বৰষুণত তিতি গাত লাগি ধৰিছে তাইৰ তিতা দেহাটো দেখনিয়াৰ সুন্দৰ মুখখনৰ ওপৰেদি বৰষুণৰ টোপালবোৰে ৰহণ সানিছে মই একেথিৰে তাইলৈ চাই থাকোতে তাই মোলৈ চাই মিচিকিয়া হাঁহি মাৰি ক'লে " এ হব ইমানকৈ মোক চোৱাৰ প্ৰয়োজন নাই মই কোনো বিশ্ব সুন্দৰী নহয় যোৱা ছাতিটো লৈ আহা সৌৱা চাহগছৰ ওপৰত পৰি বেচেৰা ছাতিটো মোক লৈ যা মোক লৈ যা বুলি কৈ আছে " মই তাইৰ কথাটো শুনি এটা উৎসাহী মনেৰে ছাতিটো লৈ আনি ঘৰলৈ খোজ দিলো ৷ 

আন এদিনৰ কথা স্কুলত মধ্যাহ্ন ভোজনৰ সময়ত সকলোৱে শাৰী পাতি ভাত লৈ থাকোতে হঠাৎ ভাত শেষ হৈ গ'ল মই মনমাৰি ক্লাছৰৰুমত গৈ বহি দিলোঁ এনেতে তাই কোনোৱা ফালৰপৰা আহি ওলাল হাতত ভাতৰ কাঁহী তাই মোৰ ওচৰত বহিল তাইৰ লগত তাইৰ বান্ধৱী দুজনী আছে সিহঁতে কৈছে বেচেৰা আজি খাবলৈ নাপায় ভোকত চাগে মনমাৰি আছে খোৱাই দিয়াহে বুলি কৈ খিলখিলাই হাঁহি দিয়াত মোৰ বৰকৈ খং উঠিল মই খংতে কৈ পেলালো " তহঁতৰ কাম নাই নেকি মিছাতে মোক আহি আমণি দি আছ যা ক্লাছত গৈ অংক কৰি থাক নহলে দিব অংক ছাৰে এতিয়া প্ৰথম পিৰিয়ড তেওঁৰে তেতিয়া খিলখিলাই হাঁহি দেখােৱাবি যা ভাগ ইয়াৰপৰা " সিহঁতে মোৰ দশা বুজিব পাৰি ক'লে বেয়া নাপাবা লগৰ বুলি ভাৱিহে ধেমালি কৰিছো আৰু নো কিমান দিন আছে আমি দেখােন এই স্কুলৰপৰা বিদায় লোৱাৰ মুহূৰ্ত আহি আছে এই থকাকেইদিন অলপ হাঁহি ফুৰ্তি নকৰিলে আৰু নো কেতিয়া কৰিম সকলোৱে মেট্ৰিক পাছ কৰি বেলেগ বেলেগ কলেজত পঢ়িব গৈ " মাজতে কিৰ্ত্তিয়ে মাত দিলে এতিয়া হব আমাৰ প্ৰিয় ক্লাছমেটক অলপ খোৱাই দিওঁ পেটত চাগে নিগনি দৌৰি আছে এইবুলি কৈ তাই মোক এগৰাহ ভাত খোৱাই দিলে সেইসময়তে কোনোবা ফালৰপৰা আমাৰ ইংৰাজী বাইদেউ আহি এই দৃশ্য দেখি ক'লে " আহ কি হ'ল আমাৰ হিৰো নিজহাঁতেৰে খাবলৈ নোৱাৰে নেকি এওঁক খোৱাই দিবলগীয়া হৈছে স্কুলত এইবোৰ নচলিব ৰ'বা প্ৰিঞ্চিপালক কথাটো কব লাগিব সত্যম ডেকা হৈছে সিহঁতলৈ চাই ক'লে আৰু তোমালোকৰ কাম নাই নেকি এইবোৰ কাণ্ড কৰি আছা ৰ’ৰ' মোৰ পিৰিয়ডতহে মজা ওলাব বুলি কৈ গুচি গ'ল বাইদেউ যোৱা লগেলগে কিৰ্ত্তিহঁতেও পলাই পত্ৰং দিলে ছোৱালীৰ হাতেৰে ভাত খোৱা শেষত গোটেই স্কুলে গম পালে এতিয়া তাইক দেখিলে মোৰ নাম লৈ যোকাই আৰু মোক দেখিলে তাইৰ নাম লৈ যোকাই ৷

( বাকী কাহিনী অহাটো সপ্তাহত  পঢ়িবলৈ পাব )


📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)