ঘাগৰ নৈ বনাম সােৱণশিৰি

©Admin
0
আপোন মনে
বৈ থকা ঘাগৰক,
বাট হেৰুৱা
সোৱণশিৰি
গ্ৰাস কৰিলি 
ঘাগৰক ।

ঘাগৰৰ বালিবােৰ
উটুৱাই পেলালি,
দম্ভ অহংকাৰত
ফুলি থাকে
প্ৰতাপী কল্কিৰ
"সোৱণশিৰি"  ॥

ৰূপালী বালিৰ
সোণালী সোণ
কি কৰিলি ?

সোৱণশিৰি
জাননে তই,
নদী তোৰ --
ঠিকনা লিখে
পোষ্ট অফিচ
ঘাগৰমুখ  ।

যুগ যুগান্তৰৰ 
ঘাগৰৰ পাৰৰ
চিনাকী বাটবােৰ
নোহোৱা কৰিলি ।

সোৱণশিৰিৰ আগ্ৰাসনত
ঘাগৰবাসীৰ বিলৈ
আজিওঁ নাপাহৰে সিহঁতে ।

ঘাগৰৰ ঘাটৈয়ে
সােৱণশিৰিত
বথা বাই-
হুমুনিয়াহ কাঢ়ে
আপোনৰ স্মৃতিত ।

আপোন নৈ খন 
চিন মোকাম
নোহোৱা কৰিলি-
কিনো ভাল পাম তোক ॥

ঘাগৰৰ স্মৃতিয়ে 
বৰকৈ আমনি 
কৰে ঐ ।

ঘাগৰ বনালি সােৱণশিৰি ॥


📝মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)