সংঘৰ্ষৰ পৰা সফলতা,খণ্ড - ০৩

©Admin
0

কিছুপৰ ৰৈ আকৌ কবলৈ ধৰিলে " বাৰু ধন তোৰ নিচিনা ময়ো ইং ফটফটীয়াকৈ কব পাৰোঁ সৌৰভে আচৰিত হৈ " বাবা আপুনি ইংৰাজী.. ৷ বাপেকে হাঁহিৰ সুৰত " অ আকৌ শুনিবা নেকি ? সৌৰভে মূৰটো লৰালে বাপেকে ভালদৰে ডিঙি চাফা কৰি " বাৰু এতিয়া তই  মোক প্ৰশ্ন শুধ " সৌৰভে মাছৰ কাঁহীখনলৈ আঙুলিয়াই " হুৱাট ইজ দিছ ? বাপেকে ক"লে অ য়েছ দিছ ইজ ৰৌ মাছৰ পিচ " হাঁহিৰে ঘৰখন জীপাল কৰি তুলিলে এনেতে সৌৰভৰ মাকে মাছৰ সৈতে ভাত বাঢ়ি কাঁহী দুখন বাপেক পিতেকলৈ আগবঢ়াই দিলে " এতিয়া হব হব ভাত খোৱা নহলে ঠাণ্ডা হব " সৌৰভৰ বাপেকে গিলাচৰ পানী হাতত বাকী " য়েছ মাডাম আমি খাইছো অনুগ্ৰহ কৰি আপুনিও ভাত কাঁহী লগতে লৈ বহিলে হম ভী হেপ্পী হয়েংগে " তিনিও খিলখিলাই হাঁহিলে ৷ এনেদৰে সুখ- দুখ হাঁহি -কান্দোনৰ মাজেৰে দিন গৈ থাকিল ৷

ছেপ্তেম্বৰ মাহৰ সময় আহি পালে বাগানৰ চৌপাশে বোনাচৰ ঢৌ তুলিছে দেহা দহি নিয়া চোকা ৰ'দত ঘামত তিতি বুৰি সৌৰভৰ বাপেক কামৰপৰা আহি পানী এগিলাচ পি লৰালৰিকৈ গাটো ধুই বাকচটোৰ পৰা নতুন কাপোৰ এজোৰ উলিয়াই পিন্ধি লৈ সৌৰভক ক"লে " ধন তইয়ো লগতে ওলাই ব'ল তোৰ পছন্দৰ যি লাগে কিনি লবি " সৌৰভ আনন্দিত হৈ তৈয়াৰ হৈ বাপেকৰ লগত বাগান অফিচৰ পিনে খোজ দিলে অফিচত গৈ  শাৰীত থিয় হ'ল কিছু সময়ৰ পাছত নাম ওলাল সৌৰভৰ বাপেকে গৈ বোনাচ টকা লৈ সৌৰভৰ হাতত দিলে সৌৰভে টকাখিনি গণি চালে আৰু ৰিচিভখন চালে ঠিকেই আছে বাবা বলক দুয়ো গৈ টাউনৰ কাপোৰ দোকানত সোমালে দোকানীয়ে সুধিলে কি লাগে সৌৰভে ক'লে মোৰ বাবে জিনছৰ পেণ্ট চাৰ্ট আৰু গেঞ্জী দুযোৰ দিয়ক দোকানীয়ে কাপোৰ উলিয়াই দিয়ে সৌৰভে ক"লে " বাবা মালৈ শাৰী আৰু ব্লাউজ এযোৰকে ল'লে ভাল আপুনিও কিবা লৈ লওক " বাপেকে পিতেকৰ কথামতে শাৰী ব্লাউজ আৰু চাৰ্ট এযোৰ লৈ দুয়ো হোটেলত সোমাই বাপেকে চিঙৰা আৰু চাহ অৰ্ডাৰ দিলে চাহ খাই দুয়ো মিঠাই কিনি ঘৰলৈ বুলি খোজ মেলিলে পকা ৰাস্তা পাৰ কৰোঁতে গাঢ়ী এখন আহি দুয়োকে খুন্দিয়াই থৈ গুছি গ'ল কিবা জড় বস্তু পৰাৰ দৰে দুয়ো ৰাস্তাৰ দুয়োকাষে ছিটিকি পৰিল ৷

               আগলৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)