মোৰ প্ৰেম কাহিনী

©Admin
0
মই কব খোজিছোঁ
মোৰ  প্ৰেম কাহিনীৰ কথা।
য'ত মই এজন বোবা
আৰু মোৰ প্ৰেয়সী সত্যৰ ঘোৰ অন্ধ।
মই হাজৰ চিঞৰী চিঞৰী
কব খোজোঁ তাইক কিবা এটা?
পিছে নোৱাৰো ক'ব
কাৰণ মই যে এজন বোবা।
তাই সত্যৰ ৰঙীন তুলিকা লৈ হাজৰ সপোন ৰছে মনৰ মাজ প্ৰতি দিনে,প্ৰতি পলে।
কিন্তু বাস্তৱত তাই পোহৰক চিনিকে নাপাই,
কাৰণ তাই যে সত্যৰ অন্ধ।
তাই ভবাৰ দৰে হয়টো
জগত খন ইমানো সহজ আৰু সৰল নহয়?
যিটো কথা মই কও কও কৈয়ো কব নোৱাৰিলো তাইক অ'ত দিনে।
কাৰণ মই যে তাইৰ
সত্য জগত খনৰ আগত এজন দুৰ্ভগীয়া বোবা।

✍🏻কিৰণ জয় চাওদাং।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)