আত্মাৰ মিলন

©Admin
0
ঘৰলৈ যাওতে
তোমাক কলিজাতো দি গৈছিলো ।

ঘূৰি আহি দেখো 
কলিজাতো নাই - তুমিও নাই ।

মই, তোমাক
আৰু মোৰ কলিজাতো
বিছাৰি হায়ৰাণ হৈ গৈছিলো ।

সকলোকে শুধিলো
কোনেও নাজানিলে ।

তুমি মোৰ ৰঙা কলিজাতো
বুকুত লৈ আছিলা আৰু
তোমাক বগা কাপোৰেৰে ঢকা আছিল ।

কেনেকৈনাে আনো কলিজাতো
তোমাৰ বুকুৰ পৰা কাঢ়ি ?
আনিব নোৱাৰিলো  ।
ময়ো, তোমাৰ বগা কাপোৰৰ মাজত শুই দিলো - পাছৰখিনি মনত নাই ॥

📝মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)