মই তোমাক বেয়া পাওঁ ৰাৱণ

©Admin
0
ক্ৰমশ....... 
সীতাৰ দৃঢ়তাত আউল লাগে
ৰাৱণৰ ত্যাগ আৰু উন্মাদনাত
নিজকে প্ৰশ্ন কৰিবলৈ 
বাধ্য হয় সীতা
যোগ্য কোন
ৰাম নে ৰাৱণ......?

ৰামৰ প্ৰতি থকা শ্ৰদ্ধা আৰু বিশ্বাসৰ বাবেই
ত্ৰুটিৰ অনুসন্ধান কৰে ৰাৱণৰ

অনুভৱে প্ৰকাশৰ বাট বিচাৰে...
অথচ স্বাভিমানী কাৰণেই
সীতাই পিন্ধে সংযমৰ সাজ

সীতাৰ প্ৰতি থকা উন্মাদ প্ৰেমত
সৰ্বোচ্চ ত্যাগি
নিঃস্ব হৈ পৰে ৰাৱণ
আনকি প্ৰেমৰ নামতেই উচৰ্গা কৰে জীৱন....
আৰু ৰাম 
সীতাৰ পবিত্ৰতাত কলুষিত ৰং সানি
বাৰে বাৰে আয়োজন কৰে অগ্নি পৰীক্ষাৰ

বাস্তৱত.....
ৰাৱণ অপদ্ৰষ্টা, ব্যভিচাৰী
সীতা চলনাময়ী
আৰু ৰাম
ভগৱান।

📝দীপাৱলী কুৰ্মি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)