কাণষাৰ নাই

©Admin
0
  বকুল বাগৰা ববছা বনবোৰ
    হলৌ বান্দৰৰ দৰে
    লুপ্ত হ'ল  |

  দোভাগ ৰাতি
  উল্কা চোৱা ল'ৰালি
  শগুনৰ দৰে উধাও হ'ল  |

  পুৰষ্কাৰ পাবলৈ
  পৰিস্কাৰ হ'ব লাগে
  উলংগ ঠাইত
  ধোৱাৰ জানো
  কিবা প্রয়োজন আছে  ?

  আজলী অসমীৰ
  সোণৰ চেকুৰা হৰণ কৰি
  বাঁহৰ খৰিছা বনাই
  আমাকেই শোষিছে
  আমাৰ যে কাণষাৰ নাই  |

  জাগা জননীৰ সন্তান বুলি
  আওৰাই থাকিলেও
  কুঁহিপাত কুমলীয়া কুঁহিপাঠ
  আমাৰ কণ্ঠস্থ নহয়  |

    
📝হেমেন হাজৰিকা
           মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)