তোমাৰ মৰমতে আজিও
আছু একে হৈ ,
তোমাৰ অভিমান
কমিবনে এবাৰলৈ ,
কেনেকৈ বুজাম তোমাক
মোৰ বেথা ,
কি কৰিলে বুজিবা,
মোৰ কোমল হিয়া ।
নাজানো কি ভুল
কৰিলোঁ মই ,
যাৰ পৰিণতি
ভাৱি লাগে ভয় ,
জানি বুজি
অবূজন নহবা ,
এবাৰ মোক
বুজি চোৱা ।
যদিও নোৱাৰু হব
তোমাৰ সমান ,
মোৰো মন
মানুহ হোৱাৰ ,
তোমালৈ মই মাথোঁ
এটি ধুলিকণা ,
তথাপি বিচাৰোঁ হব
তোমাৰ লগৰীয়া ।
মনে প্ৰাণে তুমি
মোৰ আপোন লগৰ ,
সন্দেহ কৈ নাভাঙিবা
মোৰ থুনুকা হিয়া ,
পাচো আঙুলি সমান
নহয় কাৰো ,
বেয়া হলেও তোমাৰে
মই লগৰীয়া হয় ।
অজানিতে ভুল
হব পাৰে ,
তাতে বন্ধুত্ব শেষ
নকৰিবা সচাকে ,
ভুলক সোধৰাই দিয়া
ভাল ৰাস্তা দেখাই দিয়া ,
প্ৰকৃত বন্ধু
হয় তেনেকুৱা ।
ভুলক বেয়া
ভাৱি নৰবা ,
মাফ কৰি
এবাৰলৈ দিয়া ,
বিশ্বাস কৰা
তুমি তেতিয়া ,
মোৰ দৰে ভাল
কতো নাপাবা ।
📝শ্ৰীমতী ৰিমকি চুতীয়া
ধেমাজি, চিচিবৰগাওঁ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ