সপোনবোৰ কিমান দূৰলৈ

©Admin
0

 সময়ৰ তুলাচনীখন 
গধূৰ কৰি ৰখা
ভোক আৰু জীৱনৰ কথা
দেউতাই জানে

বুভুক্ষিত সন্তানৰ ক্ৰন্দনৰ 
ভোক আৰু জীৱন 
দুয়োটাই তেওঁৰ কাম্য

 
তুলাচনীৰ কাঁটাডালত
কিহৰ ওজন কমাব 
জীৱনৰ নে ভোকৰ?
নিশাবোৰ উজাগৰী হৈ পৰে

নিজৰ জীৱনটোক তুচ্ছতাৰ 
পোছাক পিন্ধাই
পুৱতি নিশা দেউতা ওলাই যায়
কান্ধত নাঙল লয়

নাঙলৰ কৰফালত
ভোকবোৰ আতঁৰাই 
সপোন দেখে 
জীৱনটোৰ
দূৰ দিগন্তলৈ।

📝দীপাৱলী কুৰ্মি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)