ওখ -চাপৰ মানুহ

Rinku Rajowar
0
ওখ মানুহবোৰৰ উচ্চতা 
ছিকুৱা ছেমপাৰভাইৰেনছৰ দৰেই
মুখত অহংকাৰৰ বৃহৎ আকাশ

সিহঁতৰ দাসত্বত 
চাপৰ মানুহবোৰে 
ওখ হোৱাৰ স্বাধীনতা হেৰুৱায়

 চাপৰবোৰৰ অজ্ঞতাক 
সিহঁতবোৰে উপহাস্যৰ মালাৰে
অভিনন্দন জনায় 

চাপৰ মানুহবোৰৰ
জখলাৰে ওখ হোৱা
সিহঁতবোৰে 
চাপৰবোৰৰ বাবে সাজে এক চিলিং

চাপৰ মানুহবোৰে 
সিহঁতলৈ চাই ৰয়
চকুৱে ঢুকি পোৱা উচ্চতালৈ.......।

📝দীপাৱলী কুৰ্মি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)