ৰুণজুন (খণ্ড-১০) ধাৰাবাহিক উপন্যাস

Rinku Rajowar
0
নতুন ঘৰ, নতুন পৰিৱেশ   আৰু  পৰিয়ালৰ মানুহ বিলাকৰ  লগত ৰুণজুনে মিলিবলৈ যত্ন কৰিছে। শহুৱেকে ভাবিছে ৰিহণে বিয়াও কৰালে , এতিয়া লগেলগে চাকৰি পােৱাতােও ইমান সহজ নহয়, সেয়েহে মােৰ গুৱাহাটীৰ মাটিখিনিতে ফ্লেট বনাব পাৰিব, ব্যৱসায়ভিত্তিত আৰু  জুৰ'ডৰ মাটিত নিজৰ কাৰণে ঘৰ এটা সাজি লওঁক । ৰিহণক মাতি দেউতাকে নিজে থাকিবলৈ ঘৰতাে বনাবলৈ ক'লে ।
ৰুণজুনৰ লগত কথাখিনি আলােচনা কৰিলে । সেইমতেই কথাবােৰ পৰিকল্পনা কৰা হ'ল ।
       ৰিহণৰ দেউতাকে মাকৰ লগত কথাতাে আলােচনা কৰিলে আৰু মাকেও হয়ভৰ দিলে ।
মাকে ক'লে বোৱাৰীৰ ঘৰৰ নিমণ্ত্ৰণতাে ৰক্ষা কৰি লও তাৰ পিছতহে সেইকামবােৰত আগবাঢ়িব লাগিব । 
   ৰুণজুনে শহুৰেকে সজাই থােৱা বিভিন্ন বিষয়ৰ কিতাপবােৰ দেখি আপ্লুত হৈছিল আৰু ভাবিছিল ," ইমান কিতাপ - কেনেকৈ পঢ়িলে ।তাই লাইব্ৰেৰী ৰুমত আলমাৰী বিলাক চাই আছিল। ৰিহণে ৰুণক বিছাৰি বিছাৰি ঘৰৰ লাইব্ৰেৰী পালেগৈ । তাইক সুধিলে, " তোমাৰ কিতাপ পঢ়া মন আছে নেকি ?  আছে,  কােনে উলিয়াই দিব ? মই আছাে নহয় -তােমাৰ কাৰণে বুলি কৈ তাইৰ থুতৰিত চুই দিয়ে ।
 তাই সংযত হৈ   থকাৰ প্ৰয়াস  কৰিলে । তাই ক'লে, "নাৰী"  বুলি লিখা উপন্যাসখন দিয়াচােন পঢ়াে। ৰিহণে উলিয়াই দিলে ।  তাই উপন্যাসখন সেইদিনা খন পঢ়িলে   আৰু ভাৱিলে ইমান সংগ্ৰহ কেনেকৈ কৰিছে । শহুৰেক যে পন্ডিত মানুহ ৰুণে গম পাই গৈছে ।
এনেতে  শাহুৱেকে সকলােকে আবেলিৰ চাহ খাবলৈ মাতিলে আৰু সকলােৱে পৰ্টিকৰ বাৰান্দাতে বহি চাহ খালে , চাহ খাই থাকােতেই ক'লে," কাইলৈ তােমালােক দুয়ােকে আগধৰি মাতিছে নহয়,পাৰ্টিৰ আগদিনা পোৱাকৈ (ৰুণহতৰ ঘৰত)।
ৰুণে," অঁ হয়  মা আমি আজিয়েই সকলাে সামৰি সুতৰি থব লাগিব । ৰুণৰ কাপােৰ বুলিবলৈ তেনেই কম- পিন্ধিব পৰাকৈ অলপমান আছে । যি বােৰ লাগে দুয়াে একেলগে সামৰিলে ।  
   পিছদিনা ৰুণে যাবৰ সময়ত   শাহু-শহুৰ  দুয়ােকে সেৱা কৰি মাকৰ ঘৰলৈ যাবলৈ ওলাল ।
যােৱাৰ দিনা  দেউতাকে যাবতীয় উপদেশ কিছুমান ৰিহণক  দিলে ।
দুয়াে  আহি আহি গুৱাহাটী পালেহি ।  ঘৰৰ গেট খুলি সোমাব খোজোতেই ৰুণৰ  ভনীয়েক প্ৰায় দৌৰমাৰি ওলাই আহিল । আৰু ঘৰত কামকৰা ল'ৰা গােপালক বেগবােৰ দাঙি আনিবলৈ ক'লে । সি বেগ আনি গেষ্ট ৰুমত থলেহি ।  ৰুণৰ এনেকুৱা লাগিল , যেন  মই আজি নিজৰ ঘৰতে আলহী নেকি (?) , তেনেকুৱাই হ'ল । নিজৰ আত্মীয় দূৰৰবােৰ প্ৰায় আহিলেই । কাইলৈ চিনাকি আৰু ওচৰৰবােৰ আহিব ।
ৰিহণক মাক, দেউতাক আৰু ভনিয়েকে বৰ আত্মীয়তাৰে মাত দিলে । 
ৰুণৰ দেউতাকে ডাঙৰ জী আৰু জোৱাইৰ অভ্যৰ্থনাৰ বাবে কিমান  যে খৰছ কৰিছে । মাকৰ আতিথ্যত ৰিহণৰ মন খুচ, তাতকৈ খুচ ৰুণৰ দেউতাক, ইমান  সুন্দৰ,পুৰুষ-সুলভ জােৱাই পাইছে ।  যিমান দােষ কৰিলেও শতকােটি মাফ কৰি দিলে । এতিয়া  জোৱাই পালে - দেউতাকৰ আৰু আনন্দ । দেউতাকে ডাঙৰ জীক আগৰে পৰাই বৰ মৰম কৰিছিল আৰু দুয়ােজনীৰ বাবে দুঠাইত মাটি লৈ থৈছিল তাৰে ডাঙৰ প্লটতাে ডাঙৰজনী ছােৱালীক দিব  আৰু তাত দুমহলীয়া ঘৰতােও তাইৰ নামত উইল কৰি থৈছে ।
সেইদিনা মাকৰ আনন্দৰ সীমা নাই ,ইমান দিনৰ মূৰত ডাঙৰ ছােৱালী ঘৰলৈ আহিছে আৰু লগতে জােৱাই - টেবুল নধৰাকৈ ডীনাৰৰ আইটেম বনাইছে ।
সকলােৱে ইমান দিনৰ মূৰত লগে -ভাগে খাইছে, কিমান যে আনন্দ ।
সেইৰাতি দুয়াে গেষ্ট ৰুমতো
ল'লে । ৰুণ সন্তুষ্ট । আৰু ৰিহণৰাে দেউতাকহতৰ ব্যৱহাৰবােৰ ভাল লাগিল ।
ৰাতি ভাত খাই উঠি  বিচনা পত্ৰ ঠিক -ঠাক কৰিবলৈ লওতেই  ভনীয়েকে দুৱাৰত টােকৰ মাৰি সুধিলে," সোমাব পাৰোনে চাৰ/ মেডাম ( ধেমালিৰ সুৰেৰে)।
ৰুণে নাইতি আৰু ৰিহণে নাইট চুট পিন্ধি আছিল।
তাই মষ্ট এটা বেগত  কেইবাজােৰাে পাটৰ কাপােৰ আৰু কচমেতিকচৰ বস্কও লৈ আহি ক'লে,"তই কাইলৈ কি কি পিন্ধিবি  চাই ল এয়া তােৰ-এইবুলি কৈ দৌৰ মাৰি গৈ আৰু এটা চুটকেচ লৈ আহিল আৰু কলে," এয়া ৰিহণ দাৰ " । ৰিহণৰ হাতত তুলি দিলে - ৰিহণে হাতত লৈ উঠি ক'লে ," বহুত থেংকচ ভন্টি , কিন্তু মইতাে তোমালৈ একাে অনা নাই"  । ভন্টিয়ে ক'লে,"পাছত ল'ম  ৰিহণ দা , দি   দি আমনি লাগিব আপােনাৰ বুলি.কৈ ফৰংকৈ উৰামৰাদি দৰজামুখ পালে আৰু দৰজাত ৰৈ ক'লে ," এতিয়া আপােনালােকক আমনি নকৰাে । শুভৰাত্ৰি ।
ৰুণে ক'লে,"তাই এনেকুৱাই । মানুহক জোকাই মেলি বৰ ভাল পায়।
ৰিহণে ক'লে," এইবােৰ কাপােৰ  কাইলৈ চাবা । কাইলৈ তােমাক ওচৰত বৰ মুকলি ভাৱে নাপামেই । বহা ।
ৰুণে ক'লে," তোমাৰ কেনেকুৱা লাগিছে কোৱা আমাৰ ঘৰত আহি ।
ৰিহণ : কাম -বন নকৰাকৈ ইয়াতে থাকি যাও বুলি ভাৱিছাে ।
ৰুণ : য়ে কি কৈছা ,এইবােৰ  । ভালকৈ সুধিছাে ।
ৰিহণ : ভালকৈ কৈছাে ।
ৰুণ: ৰিহণক কাণত সৰু চেপা এটা দিলে ।
ৰিহণ : দুখ পাইছাে , নকৰিবাচােন । ৰ'বা দুষ্ট কৰা মজা দি আছাে ।  ৰিহণে লাইটতাে নুমাই আহি ৰুণক ক'লে," তোমাক মই দুষ্ট কৰাৰ মজা দিম বুলি কৈছিলাে নহয়, বুলি ৰুণক দুবাহুৰ মাজত সোমাই ল'লে ।
-------আগলৈ--------
📝মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)