আঘোণৰ কবিতা

Rinku Rajowar
0
সুৰুজৰ কোমল পৰশত
জিলিকি উঠে 
মোৰ চকুৰ মণিত মাথোঁ তোমাৰেই ছবি।
আঘোণ পুৱাৰ নিয়ৰতে গজালি মেলে
ভালপোৱাৰ বিজবোৰ
 হৃদয়ৰ মাজত।
নীলা আকাশত উৰি ঘুৰি ফুৰা
বগলীৰ জাকটি
 চাই চাই
 ভাল লাগে মোৰ
কিজানিবা তোমাৰ বতৰা লৈ আহিছে বুলি,
মাৰ যোৱা বেলিৰ পোহৰতে গোপনে ৰাখো
আশা-নিৰাশাৰ সম্ভাৰ।
   
  📝 বিশাল নায়ক

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)