ৰূপে গুণে সজা
আমাৰে কাজিৰঙা
নানা বন গছ লতা
সুগন্ধি ফুলৰে সুৱাস
জগতবিখ্যাত এশিঙিয়া গড়ৰ
কাজিৰঙা বসতিস্থান
বাঘ,ভালুক,হাতী
নানা চৰাই চিৰিকটি
গীতৰ সুৰে নাচৰ তালে
কাজিৰঙাতে থাকে মিলাপ্ৰীতিৰে ৷
মোৰ মনত বেজাৰ লাগে
টিভিত গড় হত্যা ছবি দেখিনে
খাই চোৰাং চিকাৰীৰ গুলী
ক’ত মৰে নিষ্পাপ প্ৰাণী
প্ৰকৃতিৰ ধ্বংস লীলা
বানপানী , গৰাখহনীয়া
কাজিৰঙাৰ জীৱ য'তৰ হাহাকাৰ
শুনি মোৰ হিয়া কান্দি উঠে ৷
তথাপিও কাজিৰঙা ফলে ফুলে
গছে বনে জাতিষ্কাৰ
আকৌ শুনো বিহংগৰ কিৰিলি
জীৱজন্তুৰ ৰং ধেমালি
বিশ্ব সভাত দিয়া চিনাকি
আমাৰ গৌৰৱ কাজিৰঙা বননি ৷
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ