পতি পলে পলে
যেতিয়া থাকিব ললা তুমি
মোৰ পৰা দুৰে ।
তোমাৰ মৌহনা মিঠা মাতত
মন ভৰিছিল মোৰ
কথা দিছিলা থাকিম লগত
মনত পৰে আজি মোৰ ।
অতীতৰ মিঠা আবেলি
তোমাৰ লগত কতোৱা
আজি মনত পৰি
চকুলো নিগৰে ।
মোৰ তেজৰ টুপাল পতি সিৰে
তোমাৰ নাম ছবি বিয়পি আছে
তোমাক ভাবি ভাবি আজি
বুকুত খুন্দা মাৰি ধৰে ।
আমনি কৰে মোৰ হিদয়
বিছাৰি কাষত তোমাক
তোমাৰ মিছা মৰম সাবটি
ভাঙিল হিদয় ।
📝শ্ৰীমতী ৰিমকি চুতীয়া ( ধেমাজি, চিচিবৰগাওঁ )
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ