নিষ্ঠুৰ এই মানৱ জাতি

©Admin
0
মুক্ত ভাবে বাৰে বাৰে
এই মানৱ জাতিয়ে মোৰ আই জনীক ধৰ্ষণ কৰি আহিছে অ'ত দিনে।
আৰু কিমান সহিব মোৰ আই প্ৰকৃতিয়ে
আৰু কিমান?
আজি ভূ-লুণ্ঠিত
মোৰ আই প্ৰকৃতিৰ  ভূষণ।
কেঁকোৰাৰ দৰে আইক খুলি খুলি খাইছে এই মানৱ জাতিয়ে।
এই মানৱ জাতিয়েই ক'তনা বাৰ যে বিভীষিকাৰ সন্মূখীন হৈছে নিজৰ অপকৰ্মৰ বাবে তাৰটো কোনো অংকই নাই।
প্ৰকৃতি আই জনীয়ে পাৰে মানে সহি যায়
কিন্তু তাকো এটা সময়ৰলৈকে  হে।
আৰু যেতিয়াই এই সময় উকলি যায়,
তেতিয়া মানৱ জাতিৰ বুকু এবাৰলৈ কপাই থৈ যায় মোৰ আইৰ তাণ্ডৱ-লীলাই।
তথাপি কি নিষ্ঠুৰ এই মানৱ জাতি
একোলৈ ভ্ৰূক্ষেপ নাই?
নিজ স্বাৰ্থ সিদ্ধিৰ হকে
সকলোতে ভুল যায়।

✍🏻কিৰণ জয় চাওদাং

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)