আই, প্ৰণামো তোমাক

©Admin
0
আই,  প্ৰণামো তোমাক; 
ধৰিত্ৰীৰ কোলাত জনম লৈয়েই  উচচাৰিলো আই বুলি, 
কি যে এক অপূৰ্ব গুঞ্জন! 
ওপজা দিন ধৰি খেপিয়াই ফুৰা অনন্ত সুখৰ আকৰ তুমিয়েই   আই;
বুকুৰ অমৃত পান কৰাই শিকালা  জীৱনৰ আদিপাঠ, 
জীৱনৰ সকলো যন্ত্ৰণা পাহৰি  
শৈশৱ কৈশোৰৰ সেই মৌ  মিঠা  দিনবোৰ জীৱন্ত কৰিলা তুমিয়েই আই !
দুঃসময়তো আমাক ধৈৰ্য আৰু  সাহসৰ বাণীৰে উজ্জ্বীৱিত কৰিলা জীৱনৰ ধুমুহা অতিক্ৰম কৰিবলৈ ।
 তাহানিতে ,
পাঠশালাৰ দিনৰেপৰা নতুন ঘৰলৈ বুলি খোজ দিয়াৰ স্মৰণীয় ক্ষণতো তুমি  দিয়া  অকৃত্ৰিম নিভাঁজ শিকনি আমি   আজিও  পাহৰা নাই ; যি দিয়ে  একাঁজলি পোহৰ    আন্ধাৰ বাটৰ জোনাকী পৰুৱা হৈ।
আই,তোমাৰ প্ৰেৰণাৰ বাণীৰে জীপাল হৈ    আগুৱাইছো আমি   জীৱনৰ কাঁইটীয়া  বাটত সাহসৰ অমোঘ মন্ত্ৰ উচ্চাৰি ;
আই,  সচাঁকৈয়ে  তোমাৰ গুণৰ তুলনা নাই! 
আজিও জীৱন পৰিক্ৰমাত  তোমাৰ আদৰ্শ আৰু সংস্কাৰে আমাক   বাট  দেখুৱাই লৈ যায় ।
কেতিয়াবা বেজাৰতে উচুপি উঠিলে তোমাৰ উজ্জ্বল মুখনিয়ে দিয়ে নিচুকাই! 
আই,  যদিও আজি  আমি মাতৃ, 
তথাপি সগৌৰৱেৰে কব
খোজোঁ আই,
তুমিয়েই আমাৰ  প্ৰেৰণাদায়িনী, জ্ঞানদায়িনী   চিৰচেনেহী আই,  
নদীৰ দৰে নিৰ্মল তুমি নিস্বাৰ্থ প্ৰেমৰ বোঁৱতী সূঁতি।
সুন্দৰ অভিব্যক্তিৰে তুমি আই  মহীয়সী যুগে যুগে !
পূজনীয়া তুমি আমাৰ, 
আই,প্ৰণামো তোমাক!!
 
📝ৰীতামণি বৰদলৈ 
(গুৱাহাটী ) 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)