অন্তিম জিৰণি

©Admin
0


মোক জিৰণি দিয়া
বেলি লহিওৱাৰ পৰত,
অলপমান ঠাই দিয়া 
নিজানৰ৷
মোৰ শৰীৰটোৱে 
জিৰণি লব বিচাৰিছে 
এতিয়া ৷
সময় পিছত সময় 
ক্ষণ ভৰি জিৰণি লম
নিজান ঠাই খিনিত,
পুনৰ সাৰ পামনে 
বাৰু?
মোৰ অন্তিম জীৱনত ,
মোৰ শেষ সন্ধিক্ষণত।
পৰি থাকিব মোৰ 
নশৰ দেহটো
বছৰ-বছৰ ধৰি
জগাই দিবানে 
এবাৰ৷
পুৱতি চৰাইৰ শুৱলা
কাকলিৰ মাতেৰে।
নালাগে দিয়া মোক
জগাই দিবলে
জীৱনৰ অন্তিম চোৱাত।
সেয়া মোৰ বাবে হব
পৰম শান্তিকৰ ঠাই
নিজানৰ৷
যাৰ নাম, সমাধিস্থল ৷

📝নাৰায়ণ বৰা
লংকা কাকী ৩
জিলা: হোজাই (অসম)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)