অনুপম পদূলি মূৰত বহি পৰহি দিনা হৈ যোৱা ঘটনাটোকে ভাবি আছিল। মুখ খন স্থিৰ নিমাত অৱস্থাত। অলপ সময় পাছত ৰাজু উপস্থিত হল কিন্তু অপুপমে গমকে নাপালে ।ৰাজুয়ে অনুপমক দুই এবাৰমান মাত লগালে কিন্তু অনুপমৰ মন এক অসীম সীমান্তত ঘূৰি ফুৰিছে।“ঐ অনুপম, অনুপম”এবাৰ দুবাৰ ,,,বহুবাৰ মাত লগালে ৰাজুয়ে এইবাৰ অনুপমৰ মন পুনৰ ঘূৰি আহিছে নিজৰ আপোন ঠাইলৈ,,,।অনুপম হঠাৎ থমকি উঠিল আৰু ৰাজুক কলে,-“ঐ ৰাজু সেইদিনা যে ঘটনাটো কিমান সময়ত ঘটিছিল বাৰু” ।
“ঠিক দুপৰীয়া, সেইটো বোলে এটা সংগঠনে কৰিছিল”-ৰাজুয়ে কলে।
“ভাবিলেই ভয় লাগে দেই”-অনুপম লাহেকৈ কলে ৰাজুক।
হঠাৎ ৰাজুৰ প্ৰত্যক্ষ হল সিহঁতৰ ফালে তীব্ৰ কোপত
আগুৱাই আহি থকা কলা পোছাক পৰিধান কৰা দৈসুৰ দৰে লগা নৰ পিশাচ কেইটাৰ।দুয়ো পদূলিৰ মুখৰ পৰা ঘৰৰ ভিতৰত প্ৰৱেশ কৰিলেহি।সেই পিশাচ কেইটাও অনুপমৰ ঘৰৰ ফালে আগুৱাই আহিল।এই দৃশ্য দেখি অনুপম আৰু ৰাজু ৰ বুকুখন কঁপি উঠিল।
“এইবোৰ কি হব ধৰিছে ”-ৰাজুয়ে ভয় মনেৰে কলে।
দুয়ো ভিতৰলৈ সোমাই গল আৰু দৰ্জাৰ হুপ লগাই দিলে। “ৰক্ষা কৰিবা ঈশ্বৰ” কিছু সময় ৰ পাছত দৰ্জাৰ ওচৰত কোনো ব্যক্তি উপস্থিত হোৱা অনুভৱ হল অনুপমৰ।দুৱাৰত তুক তুক কৰি শব্দৰ সৃষ্টি হল।
সিহঁতে বহুত ভয় খালে।‛সেই নৰ পিশাচ কেইটাই আমাৰ পিছ নেৰিবই চাগে।’ ৰাজুয়ে য়ে মনতে ভাবিলে। “অ, পাহি আৰু মা টো মন্দিৰলৈ গৈছিল এই সময়ত নাহিলেই হল আৰু” অনুপম মনতে কৈ উঠিল।
কিছু সময় তেনেকৈ গল ।অনুপম দুৱাৰখন খুলি দিলে আৰু দৃষ্টিগোচৰ হল বাহিৰত কোনো নাই।কিন্তু সিহঁত দুয়ো বাহিৰলৈ ওলাই অহাত সেই দৈসু কেইটাই থিতাতে উপস্থিত হল আৰু দুয়োকে বন্দী কৰি ললে।
পিছত
দুয়ো দুয়োকে চকুযুৰি খুলি দেখিলে ‛এইয়া কি আমি দেখোন এক অন্ধকাৰ গোহাত’ ৰাজুয়ে বৰ ভয় খালে।
আৰু সিহঁতক প্ৰাণৰ ভিক্ষা খুজিলে। “আমি কি দোষ কৰিলোঁ আমাক এৰি দিয়ক”। এইবাৰ পাহি আৰু মাকক সিহঁতৰ ওচৰলৈ লৈ অহাত “তহঁত কো মানে ........…! অনুপম চিঞৰি উঠিল “ঐ কুকুৰ হত”।
অনুপমৰ কথা শুনি সংগঠনৰ লীদাৰ জনে এটা তাচ্ছিল্য হাঁহি মাৰিলে আৰু কলে“আমি টো কুকু,নহয় এতিয়া তহঁত বোৰ আমাৰ কুকু,,হাঃ হাঃ হাঃ।”
অনুপমৰ সয্য নহল সেইবোৰ দেখি।খঙত “পুলিচ মাতিলে তহঁতৰ কি যে দশা হব ”অনুপম য়ে কলে।
“পুলিচ ” হাঃ হাঃ হাঃ হাঃ,,,।মাত ,মাতি দে বাপেৰহতক ” ইহঁতক উপহাৰ বিলাক দিদে হাঃ হাঃ হাঃ।
তিনিদিন হৈ গল সিহঁতক নানান ধৰণৰ অত্যাচাৰ কৰি গল। আৰু অনুপম ,ৰাজু আৰু মাকৰ আগত পাহিকো ৷ ছি।
অনুপম য়ে খঙত, ঐ টোহে শব্দ কৰিলে,,,।
সি দুৰ্বল হৈ আহিল । ৰাজুৱেও দুৰ্বল অনুভৱ কৰিলে।
সিহঁতক নানান ধৰণৰ অত্যাচাৰ কৰাত মাকে মৃত্যুক সাৱটি ধৰিলে আৰু এইবোৰ অনুপমৰ আগতেই।
সি আৰু একো মুখেৰে মাতিব নোৱাৰা অৱস্থা ।
দুই অশ্রুয়েদি নিগৰি আহি চকুলোৰ মাটিত বিলীন হলহি। কিছু সময় মৌন হৈ থাকিল। সিহঁত দৈষু বোৰ ও এতিয়া নাই নিজান ,নিমাত ,নিস্তব্ধ অৱস্থা এতিয়া।
সময় পাৰ হৈ গৈ আছে, সিহঁতেও বৰ দূৰ ৱস্থাত পৰিছে।অনুপম য়ে চকুযুৰি মুদি দিলে কিছুসময়ৰ বাবে ,,,,।“মোক এৰি দে অ মই বৰ অশান্তি পাইছোঁ ,হুক হুক”ভিতৰত
পাহি ৰ ক্ৰন্দনৰ চিঞৰ শুনিলে অনুপম য়ে। এইবাৰ অনুপমৰ গাত এক কব নোৱাৰা শক্তি অহা অনুভৱ হল আৰু অনুপম য়ে “ঐ তোক মই ৷” ভিতৰৰ পৰা লিডাৰ নৰ পিশাচ টো ওলাই আহি অনুপমক এটা প্ৰচণ্ড চৰ মাৰিলে।
অনুপম য়ে খিৰিকীৰ কাঁচৰ ফাঁকেৰে নিগৰি অহা পোহৰত হঠাৎ সাৰ পালে ।আৰু শুনিবলৈ পালে বাহিৰত মানুহৰ এক কোলাহল ৰ শব্দ। সি বৰ আচৰিত হল তেন্তে মই দেখি থকা বোৰ সঁচা নে মিছা আছিল ?
📝নাৰায়ণ বৰা
লংকা কাকী৩
জিলা:হোজাই (অসম)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ