জ্যোতিপ্ৰসাদৰ " জয়মতী " খণ্ড - ০৩

©Admin
0
জ্যোতিপ্ৰসাদৰ একাগ্ৰতা,বুদ্ধিমত্তা,সাহস আদিৰ বলেৰে প্ৰথমখন অসমীয়া ছবি জয়মতী ১৯৩৫ চনৰ ১০ মাৰ্চত গুৱাহাটীৰ ওজান বজাৰত অৱস্থিত কামৰূপ নাট্যমন্দিৰত প্ৰথমবাৰৰ বাবে অসমত " জয়মতী " বোলছবি প্ৰদৰ্শন কৰে ৷
জ্যোতিপ্ৰসাদেে দেখােৱাৰ  মতে আইদেউৱে ভাও দিলে অভিনয়ৰ কোনো অ আ ক খ বুজি নোপোৱা আইদেউৱে জয়মতীৰ নামভূমিকাত অভিনয় কৰিলে মূল চৰিত্ৰৰ দৃশ্য গ্ৰহণ এসপ্তাহ আছিল যদিও জ্যোতিপ্ৰসাদৰ খুৰীয়েকৰ ঘৰত তাঁতশালত কাপোৰ বোৱা,শিকিবলৈ আইদেউ একমাহকাল ভোলাগুৰি চাহবাগিচাত আছিল ৷ দৃশ্য গ্ৰহণৰ সময়ত পোৱা অত্যাচাৰ বোধহয় জ্যোতিপ্ৰসাদৰ মৰমৰ বাবে সকলোবোৰ সহ্য কৰি গৈছিল ৷
জ্যোতিপ্ৰসাদৰ জয়মতীত আইদেউ সন্দিকৈৰ আত্মবলিদান কোনো গুণই কম হব নোৱাৰে , জ্যোতিপ্ৰসাদৰ আশা পূৰ্ণ হৈছিল ৷ অসমীয়া নাৰীৰ দেশপ্ৰেম,ত্যাগ,বৈশিষ্ট আদি কৰি দিশ সমূহ বিশ্বৰ দৰৱাৰত পৰিচয় কৰি দিয়াত জ্যোতিপ্ৰসাদ আইদেউৰ যোগেদি সফল হৈছিল ৷

📝মহেন শইকীয়া
 প্ৰধান শিক্ষক 
নুমলীগড় হাইস্কুল
        

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)