এনে পৰিবৰ্তনে ক্ষতি কৰিব নেকি (খণ্ড-০২)

©Admin
0
( যোৱা সংখ্যাৰ পিছৰ পৰা )
     ইয়াৰ পিছৰ পৰ্যায়ত যেতিয়া সভ্যতাৰ আৰু অধিক বিকাশ হ'ল , মানুহ শিল আৰু তামতে আবদ্ধ হৈ থাকিব নুখুজিলে | কাৰণ সেই ব্যৱস্থা আছিল অতি কষ্টকৰ | তাৰ বাবে মানুহে তাতকৈ সহজ ব্যৱস্থাৰ অনুসন্ধান কৰিলে | অনুসন্ধিতসু মনৰ চিন্তাত তেতিয়া ধৰা দিলে যে আমাৰ চিন্তা প্রসুত কথা সমূহ গছৰ পাতটো আৱদ্ধ কৰি থব পাৰো | ইয়াক কেনেকৈ সম্ভৱ কৰিব পাৰি , তাৰ চিন্তাত লাগি থাকিল | ঘৰতে চিয়াহী তৈয়াৰ কৰি গছৰ পাতল ছালত আমাৰ চিন্তা প্রসুত কথা সমূহ লিপিবদ্ধ কৰাত লাগিল | সেয়াই হ'ল সাঁচিপাত যি সাঁচি পাতত লিখা হৈছিল ভিন্ন ধৰ্মপুথি সমূহ যি আজি আমাৰ গৌৰৱৰ পাত্রত পৰিনত হল | এয়া আমাৰ গৌৰৱোজ্বল অলংকাৰ | জগত গুৰু শংকৰদেবে গুণমালা পুথি সাঁচি পাতত লিখিছিল  | 
     যেতিয়াই সাঁচি পাতত লিখা ব্যৱস্থাৰ শুভাৰম্ভ হ'ল তেতিয়া মানুহে কষ্টকৰ ব্যনস্থা তাম আৰু শিলৰ কথা পৰিহাৰ কৰিলে | মানুহে নতুন ব্যৱস্থাক আকোৱালী ললে | এই ব্যৱস্থা চলি থাকিল | মানুহ কিন্তু সেই ব্যৱস্থাটো ক্ষান্ত নাথাকিল | নতুনৰ গতি খ্দা মানুহে নতুনৰ সন্ধান কৰিয়েই থাকিল | সভ্যতাৰ বিকাশক কোনে বাধা দি ৰাখিব পাৰে  | ইয়াৰ আৰু অধিক বিকাশ হবলৈ ধৰিলে , মানুহৰ মগজৰো বিকাশ হ'ল | ফলশ্রুতিত আবিস্কাৰ হ'ল  আজিৰ আমাৰ সকলোৰে গৌৰৱ কাগজ | ই পাতল , ইঠাইৰ পৰা সিঠাইলৈ লৈ ফুৰিব পাৰি | এই কাগজতেই ছপা আকাৰত প্ৰথমতে ছপা হৈ ওলাইছিল আমাৰ গৌৰৱ অৰুণোদয় , বাঁহী , জোনাকী আদি কাকত আলেচনী সমূহ | সেয়াও আমাৰ গৌৰৱৰ থল 

   📝হেমেন হাজৰিকা
                মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)