মেডিটেশ্চন

©Admin
0

 

প্ৰত্যকজন মনুষ্যৰ ভিতৰত এটা শান্ত মনুষ্য থাকে

যাক  অন্তৰাত্মা বুলি কোৱা হয়   এজন  সুস্থ আৰু সফল ব্যক্তি হবলৈ  হ'লে অন্তৰাত্মাৰ কথা মতেহে চলিব লাগে কাৰণ মনুষ্যৰ অন্তৰাত্মা সদায় শুদ্ধ দিশা দিয়ে ৷

যেতিয়া মনুষ্যই বেয়া কাম এটা কৰে তেতিয়া অন্তৰাত্মাই বাধা প্ৰদান কৰে যে এই কামটো নকৰিবা বা কামটো কৰি বহুত বেয়া কৰিলা অথবা কামটো শুদ্ধ নহয় আদি ধৰণৰ ইংগিত অন্তৰাত্মাৰ পৰা আহে ৷

কিন্তু এজন মনুষ্যই জানি বুজি যদি বাৰে বাৰে বেয়া কাম কৰে অন্তৰাত্মাৰ কথা অকণমানো নুশুনে সেইজন মনুষ্যৰ জীৱন অশান্ত হয় অন্তৰাত্মাৰ শক্তি নোহোৱা হয় আৰু শেষত অন্তৰাত্মাৰ সৈতে থকা সম্পৰ্ক দুৰ্বল হৈ পৰে ৷

তেতিয়া মনুষ্য উদাসী হৈ পৰে আৰু কতো সুখ নাপায় কবলৈ গ'লে জীৱনটো নিৰাশাৰে পৰিপূৰ্ণ হৈ পৰে তেতিয়া সেইজন মনুষ্যৰ লগত অন্য মনুষ্যৰ সম্পৰ্ক বেয়া হৈ যায় আৰু সেইজন মনুষ্য কাৰো লগত মিলিব নোৱাৰে ফলত সি অতি বেছি ক্ৰোধী হৈ পৰে ৷

তেতিয়া সেইজন মনুষ্যই নিজকে নিয়ন্ত্ৰণ কৰাত বিফল হৈ পৰে ৷ এনেধৰণৰ ৰোগৰ এটাই মাথো ঔষধ আছে সেইয়া হৈছে যোগা বা মেডিটেশ্চন এই মেডিটেশ্চনে মনুষ্যক সম্পূৰ্ণভাৱে সুস্থ আৰু সবল কৰি তোলে লাগে সেইজন মানসিকৰূপে বিকাৰগ্ৰস্তই নহওক কিয় নিয়মীয়াকৈ মেডিটেশ্চন কৰিলে এনে ধৰণৰ ৰোগীও আকৌ সামান্য মনুষ্যত্ব লাভ কৰিব পাৰে ৷

মেডিটেশ্চন নিজৰ ওৰত নিয়ন্ত্ৰণ ৰখাৰ গক উত্তম পদ্ধতি ৷ মেডিটেশ্চন কৰা লোকসকলৰ জীৱন উৎসাহী আৰু সুখময় হয় ৷

মেডিটেশ্চনৰ দ্বাৰা মনুষ্যৰ মনোযোগ আৰু আত্মাবিশ্বাসৰ বিকাশ হৈ ৷ সেইয়াই নহয়  মেডিটেশ্চন কৰা মনুষ্যৰ মনটো শান্ত , দয়ালু , সন্তুষ্ট আৰু প্ৰেমময় হৈ ৷

তেতিয়া মনুষ্যৰ ৰচনাত্মক শক্তি বৃদ্ধি পাই আৰু আনৰপ্ৰতি দৃষ্টিকোণ ধনাত্মক হৈ ৷

মেডিটেশ্চন এনে এক শক্তি যিজনে এই শক্তিৰ উচিত ব্যৱহাৰ শিকি লয় সেইজনৰ জীৱন সুখময় হোৱাৰ লগতে সমাজখনতৰো হিত হৈ ৷ গতিকে আপোনাৰ জীৱন যদি এনেধৰণৰ সমস্যাৰ সন্মুখী তেনেহলে মেডিটেশ্চন নিয়মিত ভাৱে    কৰক ৷

মেডিটেশ্চনৰ বিষয়ে বিতংকৈ জানিবলৈ হ'লে মোক যোগাযোগ কৰিব 

এই নম্বৰত ৬০২৬৭১৪৫২৯ .


📝দুলাল ৰবিদাস




Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)