মা - এটি মমতাময়ী কৰুণ কাহিনী,খণ্ড -০৫

©Admin
0

দেৱৰ ইমান মহান প্ৰতিজ্ঞা লোৱা দেখি মাকে মৰমতে কপালত চুমা এটা আঁকি বুকুৰ মাজত সাৱটি ধৰিলে আৰু ক'লে ৩ তোমাৰ দৰে সুসন্তান প্ৰত্যেক মাকে পাই যেন আল্লাৰ ওচৰত মই ইবাদত কৰিছোঁ আল্লাহই যাতে তোমাক সফলতা প্ৰদান কৰে জীৱনৰ প্ৰতি ঘাটে ঘাটে সহযোগ কৰে হেইয়াও আল্লাহৰ ওচৰত মোৰ ইল্তিজা হে আল্লাহ মোৰ পুত্ৰৰ ওপৰত তোমাৰ ৰেহেম ও কৰমৰ হাত সদায় ৰাখিবা আমিন " দেৱে কণমানিটোক কোচত তুলি লৈ মূৰত হাত ফুৰাই ক"লে " মোৰ ভাই আজিৰ পৰা তোমাৰ নাম মানৱ তুমি জগতত শান্তিৰ আৰু মানৱতাৰ  বাৰ্তা প্ৰেৰণ কৰিবা " মাকে

মানৱ মোৰ দেৱৰ মৰমৰ ভাই মানৱ ৷

দিন ,সপ্তাহ ,মাহ ,বছৰ বাগৰিল মানৱ দেৱৰ যত্নত ডাঙৰ হবলৈ ধৰিলে ৷

এতিয়া মানৱ বাৰ বছৰীয়া কিশোৰ আৰু দেৱ ওঠৰ বছৰীয়া ডেকা ৷ দেৱে সদায় কলেজৰপৰা বাহিৰে বাহিৰে গৈ মানৱক স্কুলৰপৰা বাইকখনত উঠাই ঘৰলৈ লৈ আনে আজিও কলেজৰপৰ ওলাই দেৱ মানৱহঁতৰ স্কুল পালেগৈ সি গেটৰ মুখৰপৰাই দেখি অবাক হৈ পৰিল মানৱ ল'ৰা এটাৰ লগত কাজিয়া কৰি আছে ল'ৰাটো মানৱতকৈ সৰু যেন লাগিছে দেৱ লৰালৰিকৈ গৈ কাজিয়াটো ভংগ কৰি দিলে দেৱক বাইকত তুলি খৰধৰকৈ ঘৰ পোৱালেহি দেৱে মানৱৰ গালত চৰ এটা বহাই দি খঙত কয় " তোমাক স্কুলত পঢ়িবলৈ পঠিয়াও নে কাজিয়া কৰিবলৈ " মানৱৰো খঙত চকু ৰঙা হৈ পৰিল সি চিঞৰি ক"লে " সি মোক চাই সদায় হাঁহি থাকে আৰু দাদাৰ আলাসৰ লাৰু বুলি কৈ যোকাই সেইকাৰণে আজি ভালকৈ কোবাই দিলোঁ আৰু তই মোক কিয় মাৰিছ দম আছে যদি সেই ল'ৰাটোক মাৰগৈ " হঠাৎ মাকে আহি কাণতলীয়া এটা দি ক"লে " দাদাৰ লগত এনে ব্যৱহাৰ কৰে নেকি ? " মানৱ খঙৰ ভমকত তাৰপৰা গুচি যায় দেৱ স্থিৰ মূৰ্তি হৈ কৰুণাময় দৃষ্টিৰে ভায়েক যোৱালৈ চাই ৰ'ল মকে দেৱক বুকুৰ মাজত সাৱটি ল'লে ৷

দেৱে কান্দোনৰ সুৰত ক"লে " মা এনে লাগিছে যেন মোৰ প্ৰতিজ্ঞা বিফলে যাব " মাকে তাৰ পিঠিত মৰমত হাত ফুৰাই " দুখ নকৰিবা এতিয়া সি সৰু আছে যেতিয়া ডাঙৰ হব সকলো নিজেই বুজি উঠিব আল্লাহৰ ওপৰত বিশ্বাস ৰাখা  এতিয়া যোৱা তাক মৰম কৰি লৈ আহিবা মই ভাত বাঢ়োগৈ ৷      আগলৈ ---

                   

📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)