ৰুণজুন-ধাৰাবাহিক উপন্যাস (খণ্ড -১২)

©Admin
0

 

ৰুণজুনে অন্তৰংগ বান্ধৱী মুনলিমাক ৰিহণ হঁতৰ ঘৰলৈ নিমণ্ত্ৰণ  জনাৱলৈ চিঠি এখন লিখিলে ...
( মুনলিমালৈ চিঠি )
২২ মে....

মৰমৰ মুনলিমা ,

মৰম ল'বি।
তহঁতৰ সকলােৰে ভালেই । নিশ্চয় ।  তোৰ লগত বহুত কথা পাতিবলৈ আছে । ফােনত শেষ কৰিব নােৱাৰাে । মই তোক এৰা দিনাখনৰ পৰা  -বেলেগ বেলেগ পৰিস্থিতিৰ মাজেৰে আহি আছাে । ওচৰত পালেহে কথা পাতিবলৈ ভাল হ'ব । তই এদিন নগাৱৰ ঘৰলৈ আহ । মিষ্টাৰকাে মই ইয়াৰ দ্বাৰাই নিমণ্ত্ৰণ কৰিলাে । 
আজি আৰু বেছি নিলিখাে । 
পুনৰ মৰমেৰে ।

ইতিত
তোৰ
ৰুণ
( নগাও, আমােলাপট্টি )

  ৰুণৰ নিমণ্ত্ৰণ পােৱাৰ পিছত মুনলিমাৰ
মনতো বৰ ভাল লাগি আছিল । তাই তাৰ বাবে ৰিহণ- ৰুণৰ ঘৰখন চাবলৈ মন গৈ আছিল । যোৱাৰ বাবে বহুত যোজা আৰম্ভ কৰিলে । গোটেই পৰিয়ালটো যাব - মুনলিমা, মুনৰ মিষ্টাৰ আৰু ছোৱালীজনী । সেই বাবে 
কাপোৰ - কানি,  অন্যান্য যাৱতীয়  সামগ্ৰী নিজৰ বাবে অাৰু ৰিহণ ৰুণক মৰমৰ উপহাৰ আদি দিবৰ বাবে গোটোৱাত ব্যস্ত হৈ পৰিল ।

মুনৰ সেই স্কুল আৰু কলেজৰ দিনৰ কথাবােৰ মনত পৰি গ'লগৈ ।
ইসঃ দুয়োজনীৰ কি যে চখ আছিল,
একেবাৰে Latest ডিজাইনৰ চেন্দেল যোৰ কিনি পিন্ধা ।  চেন্দেলত বৰ চখ আছিল ৰুণ আৰু তাইৰ । মুন চাপৰ আছিল কাৰণে 'জয়াভাদুৰী হিল' পিন্ধিছিল । বাটাৰ ককহিল ( চেন্দেল )  দুয়োজনীয়ে একে ৰঙৰ  কিনি পিন্ধিছিলো । সেই পুৰণি দিনৰ কথাবােৰ মনত পৰি মুনৰ মন  নষ্টালজিক হৈ পৰিল ।
দুয়োজনীয়ে বিহু বা পূজাত কাপোৰ 
দিয়া-দিয়ি কৰিছিল ।  ইজনীয়ে সিজনীক কিবা এপদ দিলেহে উৎসৱবােৰ সম্পূৰ্ণ হোৱা যেন পাইছিল । 
 মুনৰ মনত পৰি গ'ল তাইৰ বিয়াত ৰুণে এমাহ মানৰ আগৰে পৰাই কিমান কামত সহায় কৰি দিছিলে মনত পেলাই মুনে ভাৱিছিল মইতো তাইক ইমান একো কৰি দিব পৰা নাই ।  মুঠতে মোৰ বিয়াৰ সময়ত বজাৰ- সমাৰ কৰাৰ পৰা মােক সজোৱালৈকে সকলোখিনি ৰুণেই 
কৰিছিল । আজি তাইৰ ৰুণলৈ  মনত পৰি বুকুখন কোনোৱাখিনিত বৰকৈ বিষালে ।
মুঠতে যি পাৰে এটা চুটকেছত ৰুণৰ বাবে তাই ভালপোৱা বস্তু কিনি ভৰাব বুলি তাই ঠিৰাং কৰিলে । সেইমতে ফাঁচীবজাৰৰ পৰা যাৱতীয় বজাৰখিনি কৰি ৰেডি  কৰিব বুলি ঠিক কৰিলে ।
 
ৰুণৰ বিয়াখন খুব ধুমধামকৈ খাম বুলি কল্পনা কৰি আছিল । কিন্তু , ভগৱানৰ কি লীলা, ভাগ্যই তেনে কৰিবলৈ নিদিলে । যি হওঁক 
বান্ধৱী হিচাৱে মই তাইৰ সুবিধামতে কৰ্ট মেৰিজতে সহায় কৰিব পাৰিলোঁ - তাৰ বাবে নিজকে ধন্য মানিছাে । উসঃ কি টেনচন গৈছিল সেই দিনতোত, তাইৰ কৰ্ট মেৰিজ কৰা দিনাখনৰ কথাটো লৈ ।
বহুত কথা মনত পেলাই আছিল , তাৰ পিছত গিৰিয়েক অপূৰ্ব্বৰ মাতত তাই অলপ  থতমত খাই গ,ল আৰু ঘৰৰ কামত লাগি গ'ল ।
                আগলৈ

📝মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)