অভিশাপ

©Admin
0
ঐ এতিয়া কেনে আছা তুমি ?
পাৰিছা জানো?
সুখেৰে জীয়াই থাকিবলৈ !!
এতিয়া তোমাৰ হৃদয়ত
জ্বলি আছে দপ-দপকৈ
একোৰা বিষাদৰ জুই ৷
নুমুৱাব পাৰিবা জানোঁ ?
বোৱঁতী নদী দৰে বৈ যাৱ ধৰিছে
তোমাৰ সুকুমল হৃদয়ৰ
কোঁহে কোঁ
হে চেকা বোৰ !!
কাঁচলি পোৱা বাৰীৰ ঢাপত বহি
মৌনতাৰে বিচাৰি আছা তুমি নিষ্পত্তি ৷
গতায়ুস শেষ হোৱা পৰ্য্যন্ত
পাবা জানোঁ তুমি সেই নিষ্পতি ৷
যি দিনা ভাঙি দিছিলা তুমি
আন এখন হৃদয়ৰ,
বিশ্বাস, প্ৰতিজ্ঞা, সমন্ধয়, প্ৰেম !!
সেই দিনাই জানোঁ তুমি 
বলি হোৱা নাই অভিশাপৰ 
তোমাৰ আৰু সেই শৰৎ-সম্বন্ধীয় বোৰ
নাহে আৰু কেতিয়াও উভতি ৷
নিবিড় ভাৱেৰে তুমি
ভাঙি থৈ আহিছা মনৰ দাপোন
আন এখন হৃদয়ত তোমাৰ প্ৰতিচ্ছবি ৷
এতিয়াটো তাই নাহে আৰু উভতি
দি গ'ল মাথোঁ তোমাক তাই
অভিশাপ প্ৰতিশ্ৰুতি ৷
এতিয়া জানোঁ মই
তুমি আছা ভাবুক হৈ নিবদ্ধ ৷
তাই জবা ফুলীয়া কলিজাখন মোহাৰি
পালা জানোঁ কিবা উত্তৰ বিচাৰি ?
তাই পবিত্ৰ হৃদয়ত 
মাথোঁ এষাৰেই বাণী
তোমাৰ প্ৰতি অভিশাপ ৷
তাই ৰঙীল হৃদয়ত এতিয়া বিষন্ন হাঁহি !!
উৎপীড়ন কিয় কৰিলা তুমি ?
তাই উৎফুল্লিত মন
সাক্ষাৎ দেখিও সম্বিৎ নাছিল তোমাৰ !!
এতিয়া প্ৰতিজ্ঞা,বিশ্বাস,সমন্ধয়,হৃদয়,প্ৰেম
সকলো দূৰতে ৰাখি থাকা তুমি
অভিশাপত আৱদ্ধ হৈ ৷
এইয়া তোমাৰ বাবে থিৰাং ৷
এতিয়া কেনে লাগিছে তোমাৰ?
পাৰিছা জানোঁ ?
সুখেৰে জীয়াই থাকিবলৈ !!
অভিশাপত আবদ্ধ হৈ !!!
   
  📝বিনীতা বৰা
       হোজাই জিলা
       লংকা কাকী-3
       

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)