জালুকবাৰীৰ কৃষ্ণচুড়া

©Admin
0
কৃষ্ণচূড়া,
আৰু কিমান ৰঙাবা ।
জালুকবাৰীৰ কৃষ্ণচূড়া ।
তুমি যেন 
চামিয়ানাৰ দৰেই ৰৈ আছা ।
কত' ঋতু
কত' বসন্ত
কত' শৰৎ
পাৰ হৈ গ'ল
তোমাৰ শিৰৰ ওপৰেদি ।

শত যুৱক -যুৱতীৰ
তুমি যেন প্ৰেমৰ সাক্ষী ।
যুগজয়ী প্ৰেম,
নতুবা,
ক্ষণিক প্ৰেমালাপৰ
তুমি যে ব্ৰহ্ম সাক্ষী ॥

জালুকবাৰীৰ কৃষ্ণচূড়া ,
তুমি যেন প্ৰেমৰ চামিয়ানা  ।
তোমাৰ ছাঁ নগছকিলে
জুৰ নপৰে, 
"যৌৱন-পিন্ধা" মনবােৰৰ ॥

কৃষ্ণচূড়া ।
যাৰ মন-
তোৰ দৰেই ৰঙা আছিল 
সিহঁতে প্ৰেমক জিনিলে ।

হৃদয় ৰঙীন কৰি
তোৰ পৰা বিদায় লৈছিল ॥

জালুকবাৰীৰ কৃষ্ণচূড়া ।
আৰু কিমান
বসন্ত
হিচাপ কৰিবি ?
পাৰিবিনে ক'ব ??

অখ্যাত দেশৰ
বিখ্যাত কৃষ্ণচূড়া,
তুমিয়েই 
কত' মিঠা প্ৰেমৰ সাক্ষী
তুমি যেন মিঠা প্ৰেমৰ অতন্দ্ৰ প্ৰহৰী  ॥


📝মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)