ভগা জেওৰা

©Admin
0

    জেওৰা ভাগি শস্যৰ পথাৰ
গৰু-ছাগলীয়ে তচ-নচ কৰাৰ দৰে
পশ্চিমীয়া সংস্কৃতিয়ে ভাগি তচ-নচ কৰিলে
অসমীয়া সংস্কৃতি
এতিয়া মানুহৰ পৃথিৱীত মানুহৰ অভাব

পুত্ৰৰ ব্যস্ততাৰ অজুহাত 
স্বাৰ্থান্ধৰ বৰষুণত জুৰুলি-জুপুৰি হৈ
আই-পিতাইৰ সম্বন্ধ আগ নোহোৱা বাঁহগছ হ'ল

বৰলুইতে সুঁতি সলোৱাৰ দৰে
পুত্ৰই আই-পিতাৰ সম্বন্ধৰ সুঁতি সলাই
 নাম দিয়ে বৃদ্ধাশ্ৰম
কথাবোৰ এতিয়া তামোল গছৰ
চিৰাল ফাঁত দিয়া পাতেৰ নিগৰি অহা
সূৰ্য্যৰ পোহৰৰ দৰে বিয়পি পৰিছে
অসমীয়া সংস্কৃতিত 

পুত্ৰৰ স্বাৰ্থান্ধৰ বৰষুণত
শোকস্তব্ধ আইৰ প্ৰসৱ যন্ত্ৰণা
আইৰ প্ৰসৱ যন্ত্ৰণাধ্বনিৰ সোঁৱৰণীত
বিষাদাচ্ছন্ন দুনয়নেৰে নিগৰি অহা
চকুলোই তিয়াইছে বৃদ্ধাশ্ৰমৰ কোঠালী

📝পিঙ্কু ৰাজবংশী
      নলবাৰী                   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)