তোমাৰে মুখনি মনলে আহে অʼ মা

©Admin
0
ফুলৰে হাঁহি ফুলনিত যেতিয়া দেখোঁ
তোমাৰে মুখনি মনলে আহে অʼ মা
মৰহা ডালৰ দৰে এই জীৱনক
থিতাতে ফুলাম কৰি দিয়া অʼ মা
পখীৰে গীত বননীত যেতিয়া শুনো
তোমাৰে মিঠা মাত শুনি পাওঁ অʼমা
বেসুৰ বীণৰ দৰে কঠুৱা মনক
গীতিময় সবাহ কৰি দিয়া অʼমা
তোমাৰে মুখনি মনলে আহে অʼ মা
 
তোমাৰ কোমল বুকুত টোপনি যোৱা
তোমাৰ ওমাল কোলাত উমলি ৰোৱা
শৈশৱৰ সোণোৱালী সেই দিনবোৰ 
সোৱঁৰনী যতনে আজিও সামৰি থোৱা
পুৱতি তৰাৰ তিৰবিৰনী যেতিয়া দেখোঁ
মৰমী চকুজুৰি মনলে আহে অʼমা
ভাগৰি মোলান পৰা চিত গহনক
জেউতিৰে উজলাই তোলা অʼমা

তোমাৰে মুখনি মনলে আহে অʼ মা

তোমাৰ মুখেৰে নিগৰা নীচুকনী গীত
আঙুলি ধৰি প্ৰথম খোজ দিয়া পদুলিত
কণমানি হাতেৰ তোমাক সাৱটি ধৰি
মা বুলি চুমা খাই হৈ পৰা উলসিত
কুহিঁপাতৰ উঁকমুক বʼহাগত চাওঁ
তোমাৰে হাঁহি বিৰিঙে যেন অʼমা
চেতনাৰ শুকান পাতৰ জাপক
অপৰূপ ৰেঙনিয়ে শুৱাই অʼমা 
তোমাৰে মুখনি মনলে আহে অʼ মা

নিজৰ ভাতমুঠি সন্তানক তুলি দিয়া
নৰীয়া পাটিৰ শেতেলীত উজাগৰীয়া
আঘাত পালে নীৰৱে চকুলো টুকি
মৰমেৰে বেথাখিনি আঁতৰাই নিয়া

জুৰ মলয়াৰ পৰশ যেতিয়া পাওঁ
তোমাৰ হাতে যেন চুই দিয়ে অʼমা
চাকনৈয়াত দিশহাৰা হৈ পʼৰা জনক
থাউকতে সাৱটি লোৱা যেন অʼমা

তোমাৰে মুখনি মনলে আহে অʼ মা
 
📝ডঃ জ্যোতিষ কুমাৰ দেৱ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)