কৃষিভিত্তিক লোক উৎসৱ বাইখো-০৪

©Admin
0
যোৱা সংখ্যাৰ পিছৰ পৰা
    এই বাইখো উৎসৱটো সধাৰণতে সাতদিন ধৰি চলে | এই সাতদিন ৰাভা জনগোষ্ঠীৰ জাতীয় পৰম্পৰা অনুসৰি কোনো ৰাভা জনগোষ্ঠীৰ লোকে কাম-কাজ কৰাৰ পৰিবৰ্তে ৰং,আনন্দ,তামচা,কৰি সময় অতিবাহিত কৰে | দেওবাৰ ,বুধবাৰ, শুক্ৰবাৰ সপ্তাহৰ এই তিনিটা দিনকেই প্ৰশস্ত কৰি বাইখো পূজাৰ পাতনি মেলা হয় | এই বাইখো পৰবৰ প্ৰথম দিনটোক ৰাভা সমাজৰ প্ৰচলিত নিয়ম অনুসৰি নৱ মিঠাৰকায় বা ঘৰ শুদ্ধিকৰণ বুলি কোৱা হয় | ঘৰ শুদ্ধিকৰণৰ দিনা গাঁৱৰ প্ৰত্যেক পৰিয়ালে নিজৰ নিজৰ ঘৰ-বাৰী গোবৰ মাটিৰেই মচি-কাচি , বাচন-বৰ্তনবোৰ পৰিস্কাৰ কৰি , কাপোৰ কানি ধুই পৰিস্কাৰ হৈ পূজাৰ বাবে সাজু হয় | ৰাভা সমাজত প্ৰচলিত ওজা পালি দুয়ো গা পা তিয়াই লৈ নতুন বস্ত্ৰ পৰিধান কৰি গীত আৰম্ভ কৰে | গাঁৱৰ মানুহ কিছুমানেও অনুৰূপ ক্ৰীয়া ওজা পালিৰ সংগ লৈ খাম ( ঢাক) আদি বজোৱা কাৰ্যত সহায় কৰে  | ওজা পালি দুয়ো সন্ধিয়া সময়ত হাতত পিঠাগুৰিৰ বাটি লৈ মংগলসুচক মন্ত্ৰ মাতি গাঁৱৰ প্ৰত্যেকৰে ঘৰৰ চালে চালে পিঠাগুৰি চতিয়াই থাকে  |  ইয়াকে তেওঁবিলাকে নক জুমকাম বা খুচৰি খোৱা বোলে | মাংগলিক ভাৱে মন্ত্ৰ উচ্চাৰণ কৰা আৰু প্ৰত্যেক ঘৰৰ মংগল কামনা কৰি পিঠাগুৰি ছতিয়াই যোৱা লোক সকলক মদেৰে আপ্যায়ন কৰে | ন'ক জুমকায়ৰ অৰ্থ তাকেই বুজায়
                      আগলৈ
        

📝হেমেন হাজৰিকা, মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)