প্ৰিয়তমা,
তুমি কান্দিছা?
তোমাৰ নিশ্চয় অশ্রুদ্বয়েদি
নিগৰি আহিছিল
অতীতৰ বিষাদ ভৰা চকুলোৰ,,।
তুমি হয়তো ভবা নাছিলা
কালিমা ভৰা অতীত
কিমান যে ক্ৰৰুণময়।
পৰ্বতৰ টিঙত ধ্বনি উঠা
মোৰ মৌন ভাষাবোৰ
এতিয়াও ভাঁহি আছে জানা,
মাথোঁ তুমি
অনুসৰণ কৰা,
তেজৰ চেকুৰা সৰা পৰ্বতৰ
সমাধিস্ত ,,,, ৰৈ।
মই প্ৰতীক্ষা কৰিছোঁ
তোমালৈ সদায় জানা,
য'ত আছে ,,,,
তেজৰ চেকুৰা সৰা
সমাধিস্থল আৰু পৰ্বতীয়া
বনপোৰা জুইৰ ছাই,,।
তোমাক সদায় লগ পাওঁ
মোৰ সৃষ্টিৰ চকুলোত,
যেতিয়া তোমাৰ চকুৰ পতাত
বাৰিষাৰ ঢল নামে।
পৰ্বতীয়া কাষৰ মোহনায়েদি
নিগৰি অহা নিৰ্মল পানীয়ে
বাতৰি দিয়ে তোমাক,
মোৰ মৌন ভাষা বোৰ আৰু মৰমৰ
মৰিশালী বোৰ।
মই এতিয়া বন্দিত্ব
মেঘাচ্ছন্নময় পৰ্বতীয়া মোহনাত
তথাপিও বিদায় ক্ষণত
তোমালৈ এবাৰ নিবিড়ভাৱে
মনত পৰিছিল
এবাৰ।
📝নাৰায়ণ বৰা ,
লংকা কাকী ৩
জিলা:হোজাই( অসম)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ