কেতেকী তোমাৰ বিননি আৰু নুশুনাবা

©Admin
0
কেতেকী তোমাৰ বিননি 
আৰু নুশুনাবা
ব্যাথাৰে আছো আমি
এইবাৰ বহাগত বুকুত জ্বলিছে
আমাৰ বিষাদৰ জুই।
অসমী আই বুকুত বনফুল ফুলি সৰি গ'ল
তথাপি যোৱা নাই আগবাঢ়ি
বুটলিবলৈ বনফুলৰ পাঁহি ।
কৃষ্ণচূড়া  ৰঙীল ৰঙেৰে মোৰ জীৱন,
এইবাৰ আছো আশাৰ 
ৰঙীল সপোন বোৰ বুকুতে লুকুৱাই ।
অহাবাৰ আকৌ ৰঙীল ৰঙেৰে
বুকু ফুলাই আগবাঢ়ি যাম
কুঁৱলীয়ে কুঁহ মেলাৰ পৰত ।
মোৰ হেঁপাহবোৰ খৰকৈ গুজি দিম
প্ৰকৃতিৰ বুকুত
তুমি পাঁহি মেলি সুৱাস ছটিয়াবা ।
প্ৰকৃতিয়ে বলিয়া কৰাৰ বেলাত
ধৰিত্ৰী আইয়ে নীৰৱতাৰ সৈতে,
খোজত খোজ মিলাই,
সংগোপনে টুকিছে চকুলো ।
 কেতেকী তোমাৰ বিননি আৰু নুশুনাবা,
অহাবাৰ বহাগত আকৌ আহিবা ।
বিনাবা ডালত পৰি,
শুনাবা তোমাৰ বিননি,
লৈ আহিবা বহাগৰ বাতৰি ।
এইবাৰ বুকুত জ্বলিছে আমাৰ
বিষাদৰ জুই ।।
 
    📝বিনিতা বৰা
     ৩ নং কাকী (লংকা)
    

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)