ইতিহাস প্ৰসিদ্ধ নুমলীগড়

©Admin
0
ইতিহাস প্ৰসিদ্ধ নুমলীগড় গোলাঘাট চহৰৰপৰা ৩২ কিঃ মিঃ দূৰত অৱস্থিত  ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে নুমলীগড়ৰ বেছিভাগ অংশই চাহ বাগানেৰে আবৰা ৷ নুমলীগড় তিনি আলি হৈছে নুমলীগড়ৰ বেপাৰ বাণিজ্যৰ আৰু জনসমাগমৰ কেন্দ্ৰস্থান ৷ ৩৯ ৰাষ্ট্ৰীয় ঘাইপথৰ আৰম্ভণি নুমলীগড়তে হৈছে ৷ 

নুমলীগড়ত এখন উচ্চ মাধ্যমিক বিদ্যালয় , এখন বালিকা ইংৰাজী বিদ্যালয় আৰু সাতখন প্ৰাথমিক বিদ্যালয় আছে ৷ 

অসমৰ চতুৰ্থতম তেল শোধানাগাৰ নুমলীগড়তে অৱস্থিত ৷ ইয়াৰ স্থাপন হৈছিল ২০০১ চনত ৷ নুমলীগড় তেলশোধানাগাৰক চমুকৈ এন আৰ এল বুলি কোৱা হয় ৷ প্ৰতি বছৰে মুঠ তেল শোধনৰ ক্ষমতা ৷

আহোম ৰজা চুহুংমুঙে নুমলীগড়ৰ স্থাপনা কৰাৰ পাছত কছাৰী ৰাজকন্যা নুমলীৰ লগত থাকিবলৈ লৈ ৷ তেতিয়া শত্ৰুৰ পৰা ৰক্ষা পাবলৈ নুমলীগড়ৰ চাৰিওসীমাত ওখকৈ গড় বন্ধাই ৷ 

চুহুংমুংৰ মৃত্যৰ পাছত পুৰুষ বেশেৰে নুমলী কোঁৱৰীয়ে ৰাজকাৰ্য চলাবলৈ লৈ ৷ আহোম প্ৰথামতে স্ত্ৰীয়ে ৰাজ সিংহাসনত বহাৰ অধিকাৰ নাছিল ৷ নুমলী স্ত্ৰী হৈ ৰাজ সিংহাসনত বহাৰ কথা ৰাজধানী পালেগৈ তেতিয়া নুমলী  উপায়হীন হৈ ৰৌদ্বাৰ বিলত জাঁপ দি আত্মহত্যা কৰে বুলি মুখেমুখে চলি আহিছে গতিকে নুমলী কোঁৱৰীৰ নামেৰে ঠাইখনৰ নাম নুমলীগড় হ'ল বুলি জনা        যায় ৷

 নুমলীগড় ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে  এটা শিৱ মন্দিৰ আছে য'ত প্ৰতি বছৰে শিৱৰাত্ৰিৰ মেলা বহে এই মেলাত বিভিন্ন ঠাইৰপৰা ভক্তপ্ৰাণ ৰাইজৰ লগতে বিদেশী পৰ্যটকৰো সমাগম ঘটে ৷ তাৰপৰা কিছু দুৰৈত নুমলীগড় দেওপাহাৰ নামেৰে এক ভগনাংশ শেষ ঐতিহাসিক কৃতি চিহ্ন আছে সুন্দৰ সুন্দৰ ভাস্কৰৰ্যৰে সুসজ্জিত স্থান ৷ নৃতত্ত্ববিদসকলৰ মতে দেওপাহাৰ নৰকাসুৰ ৰজাৰ ৰাজমহল  আছিল এই ঠাইডোখৰ দৰ্শন কৰিবলৈ  দেশীবিদেশী পৰ্যটক আহে ৷ 

 নুমলীগড়ত এটা পখিলা উদ্যানও আছে ৷ নুমলীগড় চাহবাগিচা সেউজী ধৰণীয়ে নুমলীগড়ৰ শুভা বৰ্ধন কৰে ৷ নুমলীগড় চাহবাগিচাৰ মানুহখিনি বাগানত কাম কৰাৰ লগতে বিভিন্ন ধৰণৰ বেপাৰ বাণিজ্যৰ লগত জৰিত ৷ নুমলীগড়ৰ শিক্ষাগত মানদণ্ড বৰ্তমান বহুতে ভাল এই অঞ্চলত এখন ফুটবল ক্লাব থকাৰ বাবে ইয়াৰ ল'ৰা বয়স্ক সকলোৱে ফুটবল খেলৰ প্ৰতি আকৰ্ষিত ৷ নুমলীগড় চাহবাগিচাত এটা ৰাজহুৱা খেলপথাৰ আছে য'ত সময়ে সময়ে ফুটবল টুৰ্নামেণ্টৰ আয়োজন কৰা হয় এই খেলত অংশ গ্ৰহণ কৰিবলৈ বিভিন্ন অঞ্চলৰপৰা খেলুৱৈৰ লগতে দৰ্শক আহে ৷ নুমলীগড় নানাজাতি ভাষা ধৰ্মলম্বীৰ মিলন ভূমি ৷ সকলোৱে কোনো ভেদাভেদ নৰখাকৈ সকলো ৰাজহুৱা কামত উৎসাহেৰে যোগদান কৰে ৷ গতিকে নুমলীগড় মোৰ জন্মভূমি হোৱাৰ বাবে মই গৌৰৱবোধ . কৰোঁ ৷ ইয়াৰ বায়ু , পানী , মাটি এই সকলো পদাৰ্থতে যেন এক ঐক্যতা আৰু প্ৰেমৰ সুগন্ধ মলেমলায় আছে ৷


📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)