মই ধুনিয়া হৈ থাকিব বিচাৰো

Rinku Rajowar
0
    বুটা বচা আকাশৰ
  নিস্তব্ধ নিশা
  এটা গুৰি পৰুৱাই
  পাহাৰখন কুটিছে
  সেই সুৰঙ্গৰে
  অহা যোৱা কৰিব
  কথা সৰিত সাগৰ
  নীলিম সলিল বিস্তৃৰ্ণ
  চিন্তা কৰিবৰ বাবে
  মই ধুনিয়া হৈ
  থাকিব বিচাৰো  |

  মই ধুনিয়া হৈ
  থাকিব বিচাৰো
  কাৰণ মোৰ চৌপাশটো
  ইমান ধুনিয়া  |
  মানুহবোৰ
  কথাবোৰ
  প্রকৃতিৰ সুৰবোৰ
  চৰাই , নদী , পাহাৰ
  সকলোবোৰ ধুনিয়া
  মাথো ধুনিয়া  |

  এই ধুনিয়াবোৰ চাবলৈ
  মই ধুনিয়া হৈ
  থাকিব বিচাৰো  |

 📝হেমেন হাজৰিকা
             

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)