এখন নীলা চাদৰ হৈ
ফুল ফুলে, নিয়ৰ সৰে,
জোনাকৰ ধল নামে !
বিচাৰিলেই যদি এটুকুৰা মেঘ আহে নামি
আলসুৱা ছাঁ হৈ
জনসমুদ্ৰৰ বেষ্টনী ভাঙি
আজিও মই দুৰ্বাৰ স্বপ্নপিয়াসী৷
লুপ্তপ্ৰায় অৰণ্যৰ বুকুতো বিচাৰি চলাথ কৰোঁ চঞ্চল বনহৰিণী৷
কুঁহিপাতৰ বুকুত যেতিয়া
কুচি-মুচি শুই থাকে প্ৰতিটো পুৱা
দুৰন্ত বতাহৰ স’তে মই প্ৰাণ খুলি কথা পাতোঁ৷
কল্পনাৰ চৰাইজনীৰ স’তে সুহুৰিয়াই সুহুৰিয়াই ভাগৰি পৰোঁ।
কংক্ৰিটৰ এই নগৰখনত উশাহ ল’বলৈ বৰ কষ্ট হৈছে মোৰ৷
ইয়াত থকা নদীখনত বালিচৰ পৰিল,
সেউজীয়া পাহাৰটোৰো বুকুখনত ডাঙৰ অস্ত্ৰোপচাৰ হৈ গ’ল৷
বুকুত হাবিয়াস এটাই ভৰপক দিছে,
চহৰৰ নিয়ন লাইটৰ উৎসৱ মেলাৰ পৰা আঁতৰি আকৌ এবাৰ
উভতি যাম পাৰভঙা পূৰ্ণিমাৰ ৰাতি,
য’ত অৰণ্যৰ প্ৰতিটোপাল সেউজীয়াই
মোৰ বুকুৰ ধূসৰতাক আঁতৰাই পেলাব।
📝অলকানন্দা ৰাজবংশী
অসমীয়া সাহিত্যৰ চানেকি লৈ মোৰ আন্তৰিক শুভ কামনা জনালোঁ ।
ReplyDelete