মা এটি মমতাময়ী কৰুণ কাহিনী,খণ্ড - ০৬

©Admin
0




দেৱ পাছফালৰ পৰা মানৱক সাবটি ধৰি " বেয়া পাইছ মোক কি কৰিম তোক ভাল পাওঁ বাবেহে তোৰ ভালটো বিচাৰো " মানৱে হাত এৰাই " মোক অকলে এৰি দিয়ক কোনেও মোক ভাল নাপায় মিছা কব নালাগে " দেৱ আকৌ সাবটি ধৰি " বাঃ ইমান খং ৰ' মই এতিয়াই তোৰ খং নাইকিয়া কৰি দিম বুলি কৈ মানৱক কোচত উঠাই ডাইনিং টেবুলত নি বহাই মা আমাৰ খঙৰ প্ৰিঞ্চছ আহিল মিচিকিয়া হাঁহি মাৰি এওঁক হেনো কোনেও ভাল নাপায় বেচেৰা বহুত দুখী " মাকে মানৱৰ কপালত চুমা এটা আঁকি দি " মোৰ সোণটো আমি নিজতকৈ বেছি ভাল পাওঁ তোক এতিয়া খং ত্যাগ কৰা চা তোৰ পছন্দৰ আলু ভুজিয়া আৰু অমলেট বনাইছো বুলি কৈ এএডোখৰ অমলেট মানৱৰ মুখত সোমাই দিয়ে মানৱে হাওতকৈ খাই দি বাকী অমলেট হাতৰ পৰা কাঢ়ি লৈ মই মোৰ অমলেটৰ কাকো ভাগ নিদিওঁ " মাকে আৰু দেৱে হাঁহিলে দেৱ ভাতৰ কাঁহী খন নিজৰ পিনে টানি " বাঃ অমলেট পাই আমাৰ প্ৰিঞ্চৰ খং কলৈ পলাল ঠিক আছে মই আলু ভুজিয়া কাকো নিদিওঁ বুলি কৈ আলু ভুজিয়াৰ কাঁহীটো নিজৰ পিনে টানি ল'লে " মানৱে আলু ভুজিয়া জব্দ হোৱা দেখি অমলেটৰ প্লেটখন লাহেকৈ ঠেলামাৰি " নাই নাই মই ধেমালিহে কৰিছিলো সকলো বস্তু ভাগবতৰা কৰি খোৱা হওক " তাৰ কথা শুনি দেৱে হাঁহি মাৰি " অ  এতিয়াই ৰাজনীতি অকে লেটচ গ' ভাত ঠাণ্ডা নোহোৱাৰ আগতেই হজম কৰি দিয়া যাওক এনেদৰে খং মৰম হাঁহি কান্দোনৰ মাজেৰে দিন গৈ থাকিল এতিয়া দেৱে অট মবাইল কোম্পানীত কাম কৰে মানৱও এতিয়া ডেকা হ'ল দেৱে লৰালৰিকৈ কাপোৰ আৰু বস্তু কেইপদমান ভি আই পি ত ভৰাই " মা মাকলৈ চাই মা মই আহিছোঁ " মাকে চকুলো টুকি দেৱক সাবটি ধৰি " মোৰ কলিজা ইমান দুৰ পৰদেশলৈ যাবলৈ। ওলাইছ তাত কোনে তোৰ চোৱাচিতা কৰিব তাত সময়মতে খাবলৈ পাবা নে নাই তাতো মোৰ সন্দেহ " দেৱে মাকৰ চকুলো মচি দি চিন্তা নকৰিব মা মই সোনকালে উভতি আহিম তোৰ কাষলৈ মাত্ৰ এক মাহৰ কথাহে কেনেকৈ পাৰ হব গমকে নাপাব মানৱ ক'ত ? মাকে ক'লে " মানৱ নাই ৰাতিপুৱাই কলেজলৈ ওলাই গ'ল কিবা এক্সট্ৰা ক্লাছ আছে বোলে " দেৱে মবাইল উলিয়াই মানৱক ফোন লাগাই " মানৱ ক'ত আছ " মানৱে ছোৱালী এজনীৰ কান্ধত ধৰি মই কলেজত আছো দাদা " দেৱে দীঘলীয়া উশাহ টানি " হব বাৰু মই একমাহৰ বাবে আমেৰিকালৈ যাওঁ মাক ভালদৰে চোৱাচিতা কৰিবা " মানৱে হয় দাদা বুলি সঁহাৰি জনালে ফোনটো কাটি দিলে ৷ দেৱে মাকৰ ভৰি চুই গাড়ীত বহি গুচি যায় মাকে একেৰাহে গাড়ীখনলৈ নিৰৱে চাই ৰ'ল ৷

                      আগলৈ


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)