মাটিৰ মূৰ্তি

©Admin
0


চোৱা চোৱা হেৰা
মাটিৰ পুতলাটি,
একেথিৰে ৰৈ আছে
সমাধিত ভৰি দি।
দিনক দিনে সি
আছে থিয়হি ৰৈ,
ক্ষুদ্ৰ শক্তি নাই তাৰ
এষাৰ কথা কবলৈ।
নাই মাত নাই কথা
নাই উৰণ- ফুৰণ,
নাই ভোক নাই অহাৰ
নাই চলন -ফুৰণ।
নিৰ্জীৱ দেহাটি চালেও
লাগে বিতোপন,
একেথিৰে ৰৈ থাকে 
জীৱন জীৱন।
ঈশ্বৰে নিদিলে তাৰ
জীৱিত শক্তি,
দান পালে সি তাৰ
জীৱন মুক্তি।

📝নাৰায়ণ বৰা
লংকা কাকী৩
জিলা: হোজাই (অসম)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)