চকুপানীবোৰ সামৰিব খুজিছিলো ।
ভাবিছিলো এতিয়া আশাৰ কঁঠিয়া সিচিম
জীৱনৰ আকাশত ।
চকু মেলি দেখিলো,
সেউজীয়াবোৰ হেৰুৱাবলৈ ধৰাৰ শোকত
আয়ে মোৰ কান্দিছে !
প্ৰভাতী পখীয়ে সুধিলে মোক
কোৱা, কাৰ দুখত হাঁহিম-
প্ৰকৃতিৰ নে মানুহৰ ?
সেউজীয়াবোৰ হেৰুৱাবলৈ ধৰাৰ শোকত
আয়ে মোৰ কান্দিছে !
বনজুই কেলৈ লাগিছে,
মানৱৰ লোভৰ দাবানলেইচোন
দপদপাই জ্বলাই নাশিছে ।
কুহিঁপাতৰ কুমলীয়া সেউজীয়াবোৰ
কয়লাৰ ক'লা ধোৱা হৈ নাচিব লাগিছে।
📝দেৱাংগীতা ,যোৰহাট
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ