নিৰ্মল বেদনা

©Admin
0
মুকুতা বুটলি বুটলি আনি 
 গাঁঠিলো বুকুত অজস্ৰ সপোন
স্মৃতি নিজৰা এখনি 
জীৱন পথৰ সোণালী কেঁকুৰি।
জীৱন সুখ দুখৰ গোদাম।
স্মৃতি মনিকোঠাত ৰং তুলিকা 
আৰু প্ৰতিশ্ৰুতি বদ্ধ সপোন ।
টুকুৰা কবিতা সৰা পাপৰিৰ 
চকুৰ চকুলোৰ এধাৰি ফুলৰ মালা যেন 
আশা -নিৰাশাৰ চিৎকাৰবোৰ
নিৰ্মল হৃদয়ৰ বুবুক্ষ যাতনা ।
অতৃপ্ত বাসনা সময়ৰ সমষ্টিত 
জীৱনৰ স্বপ্ন-নিদ্ৰা 
 বিষন্নতাৰ সংগী।
চাকিৰ শলিতা ডালি 
অতীত মধুৰ স্মৃতি
আবেগৰ শব্দৰ কুসুম মালা 
পিঞ্জৰাবদ্ধ সপোন।
অব্যক্ত বেদনা হৃদয়ৰ সন্ধানত 
গোপন বাটত সুখৰ সন্ধান।

📝ৰুমী কলিতা দ্ত্ত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)