স্মৃতিবোৰে আমনি কৰে

©Admin
0



শৈশবত মধুৰ স্মৃতিবোৰে আমনি কৰে।

সেইযে পলিঠিন মেৰিয়াই মেৰিয়াই কাপোৰ বান্ধি গোল কৰি ফুটবল বনাই পথাৰত সকলোৱে খেলিছিলো আৰু ৰবাব তেঙাৰ বল খেলি ফালিছিলো ।

খেলৰ শেষত সকলো পথাৰৰ আলিত বহিলৈ আদ্দা মাৰিছিলো । কাৰ বাৰিত আম আছে, কাৰ বাৰিত কঠাল আছে, মধুৰি আছে এনেবোৰ । কোনখন চিনেমাত কোন একতৰ আছে, আমিৰ খান চালমান খান, মিথুন  ইত্যাদি ।

ক্ৰিকেট খেল খেলি কোনে লম্বা ছিক্স মাৰিব পাৰে, কোন এক নম্বৰত আছে, খেলৰ শেষত আকৌ আদ্দা কিছু প্ৰেমৰ কিছু ৰোমাঞ্চৰ । পৰীক্ষা শেষ হোৱাৰ পিছত দিনৰ দিনটো পথাৰত ক্ৰিকেট খেলা ।

নামঘৰ ভাওনাত ভাও লোৱা, ৰামায়নৰ বান্দৰ সেনা, পিছলে অন্য ভাও লোৱা।

নাটক কৰা, অনুস্থান কৰা, তিনিআলি বহি অপেক্ষা কৰি মনযায় মনযায় গীত গোৱা কথাৰ স্মৃতিবোৰে আমনি কৰে ।

স্মৃতিবোৰে আমনি কৰে ।

📝শ্ৰী উৎপল দাস
কুৰুৱাবাহী বোকাখাত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)