দিহিং - পাটকাই

©Admin
0
মোৰ নাম দিহিং-পাটকাই 
ঘৰ মোৰ তিনিচুকীয়াৰ জয়পুৰত
দেখাজনে কয় মই হেনো
অসমৰ আমাজান।
কিন্তু
আজি মই ধ্বংসৰ গৰাহত।
হে মোৰ বোপাহঁত
নাখান্দিবা অ' মোক
নোৱাৰিছো মই সহিব,
হেৰাই গৈছে মোৰ সহনশক্তি
দুচকুৱে চকুলো নিগৰিছে
বুকুত একুৰা জুই জ্বলিছে,
নাখান্দিবা অ' মোক....
মোৰ অবিহনে কেনেকৈ থাকিব
মোৰ সন্তানবোৰ.....
পুৱতি নিশাতে মোৰ সোণপাহিয়ে
কেনেকৈ গীত জুৰিৱ।
গজৰাজে আজিও কান্দিছে 
সহিব পৰা নাই মোৰ দূখ।
হে মোৰ বোপাহঁত.....
নাখান্দিবা অ' মোক
মোৰো মন যায়
মুকলি আকাশৰ তলত
পোণাকণৰ হঁতে ধেমালি কৰিবলৈ
কুলু-কুলু নদীৰ সুৰত 
নৃত্য কৰিবলৈ।
নাখান্দিবা অ' মোক
ময়ো প্ৰকৃতিৰে জীয়াৰী।
   

📝 বহাগী কৰ্মকাৰ
  সাপেখাতী, চৰাইদেউ              
                        
                       

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)