বন্ধুলৈ বুলি শেষ চিঠি

©Admin
0
মৰমৰ বন্ধু জোনাক 
              মোৰ মৰমৰ ল'বি।
আজি মই বহু দিনৰ মূৰত তোলৈ এখন চিঠি লিখিম বুলি হাতত কলম তুলি ল'লো।আৰু এইয়াই হ'ব চাগে মোৰ তোলৈ শেষ চিঠি। জোনাক মই আৰু বেছি দিন জীয়াই নাথাকিম চাগে।মই মৰাৰ আগতে তোলৈ এখন অনুৰোধৰ চিঠি লিখিছো।আশা কৰোঁ মোৰ অনুৰোধ তই ৰক্ষা কৰিবি।আজি কেইদিন মান আগত মোৰ জ্বৰ আৰু কাঁহ হৈছিলে। টেব্‌লেত খাইছো  যদিও ভাল পোৱা নাই।লাহে লাহে মোৰ জ্বৰ আৰু কাঁহ বেছি হ'ব ধৰিলে।বৰ্‌মা আৰু বৰদেউতাই তোক জনোৱাৰ কথা কৈছিলে কিন্তু মইহে বাধা দিলো।আগত তোৰ H.S ফাইনেল পৰীক্ষাটো আহি থকাৰ বাবে।দিনক দিনে মোৰ স্বাস্থ্য বেছি বেয়া হ'ব ধৰিলে।পাছত ডক্টৰৰ মুখেৰে গম পালো মই বোলে এজন মৃত্যু পথৰ যাত্ৰী মোৰ হেনো কেন্সাৰ হৈছে।কিন্তু মই হাৰ মানিব খোজা নাছিলো।ভাবিছিলো দৰৱ খাইছো যেতিয়া ভাল হৈ যাব।কিন্তু নিষ্ঠূৰ নিয়তিৰ আগত মইনো কি কৰিব পাৰো।মোৰ এই ৰোগৰ কথাটো ঘৰটো ক'ব পৰা নাছিলো।তই চোন জানই মোৰ অবিহনে মা আৰু ভাইটিৰ কোনো নাই বুলি এই পৃথিৱীত তোৰ বাহিৰে।আনফালে নিয়ৰ জনীকো ক'ব নোৱাৰো।তাইক মই কথা দিছিলো জীৱনে মৰণে জীৱন সংগী কৰাৰ।সেই বোৰ আধৰুৱা হৈয়ে ৰোৱাৰ ফালে গতি কৰিছে।এই জোনাক শুন চোন মই এতিয়া জীৱনৰ অন্তিম যুঁজত ভৰি দিলো। মই এই পৃথিৱীত আৰু বেছি দিনৰ আলহী নহয়।নাজানো এই যুঁজত জয় হ'ব পাৰিম নে নোৱাৰিম?যদি জয় হঁও তই মোৰ অনুৰোধৰ পৰা মুক্ত আৰু যদি পৰাজয় হঁও তই মোৰ অনুৰোধ ৰক্ষা কৰিবিনে?জোনাক মোৰ মৃত্যুৰ পাছত তই মা আৰু ভাইটিক মই নথকাৰ অনুভৱ কৰিবলৈ নিদিবি।নিদিবি নিয়ৰক চকুৰ পানী টুকিবলৈ।নিয়ৰক তোৰ জোনৰ পোহৰেৰে জিলিকাই ৰাখিবি।তাইৰ ঠুনুকা সপোন বোৰ ভাগি যাবলৈ নিদিবি।তাইক তই তোৰ জীৱন সংগী কৰি ল'বি মোৰ অনুৰোধ তই ৰক্ষা কৰিবি।
জোনাক তই সদায় তোৰ জোনৰ পোহৰেৰে সকলোকে পোহৰাই ৰাখিবি।এইয়াই মোৰ তোৰ ওচৰত সৰল আৰু অনুৰোধৰ শেষ চিঠি।

         ইতি 
     তোৰ মৰমৰ 
      পাগল বন্ধু                          
        নিবিড়।
মৰমৰ বন্ধু এজনৰ স্মৃতিক সোঁৱৰি মোৰ এটি ক্ষুদ্ৰ প্ৰয়াস।

📝দ্বীপ দীপাংকৰ লাহন
বিশ্বনাথ,গহপুৰ



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)