স্তব্ধ নহয় কবিতা

©Admin
0
আন্ধাৰেৰে আকাশ হয় স্তব্ধ
পলে অনুপলে বতাহ হ'ব খোজে ৰুদ্ধ।
স্তব্ধ হয় ৰাতিৰ জোনাক 
বন্ধ হয় কোঠাৰ খিৰিকী 
জ্ঞানান্ধ মানৱৰ প্ৰেমৰ প্ৰকাশ 
এতিয়া আশ্চৰ্যতাৰে বিষাক্ত।

মুক্তি আজি ৰিক্ত
মৃত্যুৰো দেখো অবাধ ৰাজত্ব 
শাসন আজি অন্ধ 
ৰুদ্ধ নহয় জীৱন মৰণৰ ছন্দ ।

অৰ্থৰ লোভত মন হয় নগ্ন 
জীৱন যৌৱনৰ অশ্লীলতা নহয় ক্লান্ত 
দিঠকত আজি মুক্তিৰ পথো অৱৰুদ্ধ
শান্তিশূন্য পৃথিৱী এইখন
দুখ দুৰ্দশা দুৰ্নীতিৰো নাই অন্ত।

জীৱনে নোৱাৰে দিব জীৱন
পাৰে মাথোন
জীৱনে জীৱন কাঢ়ি ল'ব 
সহজেই ঘূৰে আজি মৃত্যুৰ পাকচক্ৰ।

শান্তিৰ ঢল নোৱাৰে বোৱাব 
নোৱাৰে কোনেও মুক্তি দিব 
লাভ নাই হৈ ক্ষুদ্ধ
নিজেই কৰিব লাগিব হৈ সক্ৰিয়
জীৱন মৰণৰ সাহসী সংগ্ৰামী যুদ্ধ
সৰ্বকালে সৰ্বদিশে অহৰ্নিশে হৈ অক্লান্ত ।

অশান্ত এৰালিয়ে বেৰি বেৰি 
কৰি পৰিশ্ৰান্ত
ৰাস্তাও কৰিলে বন্ধ 
হৃদয় হিৰন্ময়ী হেপাঁহৰ মৰম 
আজি সকলোতে সৰ্বকালেই অন্ধ ।
                 
📝 ৰুমী কলিতা দত্ত 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)