মই ভগৱান দেখিছো

©Admin
0
আমাৰ কাৰণে জানোঁ 
আপুনি ভগৱান নহয় দাদা ।
আপোনাৰ ভাগৰ লগা নাইনে ?
দাদা অ,
অলপ মানটো জিৰণী লওঁক,
আমাৰ কাৰণে আৰু 
কিমান কষ্ট কৰিব দাদা ।
শদিয়া ধুবুৰী বৰাক ব্ৰহ্মপুত্ৰ
দিন ৰাতি একাকাৰ কৰি ঘূৰি ফুৰে,
সকলোতেই দেখা পাওঁ আপোনাক ।
নিশা দেখা পাওঁ নিউজ চেনেলৰ মজিয়াত ।
এই অসমখনৰ বাবে 
আৰু কিমান কষ্ট কৰিব দাদা ।
জানোঁ আপুনি অসমী আইৰ পুত্ৰ
তথাপি,
উজাগৰী নিশা আৰু কিমান কটাব ।
দাদা অ,
আপোনাৰ দুচকুত টোপনি ধৰা নাই নে ?
আমিবোৰ নিশা যেতিয়া টোপনি মাৰো
আপুনি চাগে আমাৰ কথাকে 
ভাবি থাকে ন দাদা ?
আপোনাৰ পৰিয়ালক, 
সময় দিব পাৰিছে জানোঁ দাদা ।
অলপ জিৰণী লওঁক দাদা ।
ভগৱানৰ ৰূপত আপোনাক দেখিছো ,
আপুনি আমাৰ বাবে ভগৱান ।
দাদা অলপ নিজৰ বাবে যত্ন লওঁক ।
অনুভৱ কৰিছোঁ দাদা,
আপোনাৰ অবিহনে যে আমাৰ
সকলো মিছা ।
আমাৰ বাবে আপুনি,
ভোক পিয়াহ সকলো পাহৰি 
পেলাইছে নেকি দাদা ?
সময়ত খোৱা লোৱা কৰক
নিজকে নিঃশেষ নকৰিব দাদা ।
আপোনাৰ কালজয়ী জীৱন
অসমৰ বীৰ পুৰুষ হৈ
ইতিহাসৰ পাতত জিলিকি 
থাকিব লাগিব দাদা  ।
আপুনি আমাৰ বাবে ভগৱান ।
দাদা দিন ৰাতি একাকাৰ কৰি
সন্ধিয়া আকৌ নিউজ চেনেলৰ মজিয়াত বহি
বাৰ্তালাপ কৰোতে
ভাগৰ নালাগেনে  আপোনাৰ ।
অসমৰ বাবে নিজকে আৰু 
কিমান ত্যাগ কৰিব দাদা ।
কিছু লোক আছে নুবুজে
 আপোনাৰ মনৰ ভাষা,
সিহঁত বোৰ বৰ মিছলীয়া অ দাদা,
সিহঁতে এতিয়াও বুজা নাই ।
আপুনি যে আমাৰ বাবে ভগৱান ।
আকৌ কৈছোঁ নিজৰ বাবে অলপ 
যত্ন লওঁক দাদা,
আপোনাক সহস্ৰ প্ৰণাম ।

📝বিনিতা বৰা
   লংকা (কাকী-3)
            

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)